গুৱাহাটীঃ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৯-২০ চনৰ বাজেট বুধবাৰে সদনত উত্থাপন কৰে৷ ৯৯৪১৮.৯১ কোটি টকাৰ বাজেটখনত ১১৯৩.০৪ কোটি টকাৰ ঘাটি দেখুওৱা হৈছে৷

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এখন নিৰ্বাচনমুখী বাজেট উত্থাপন কৰি মন্ত্ৰী শৰ্মাই ১৮ খন ধ্বজাবাহী আঁচনিৰ কথা ঘোষণা কৰে৷ এই আঁচনিসমূহৰ ভিতৰত প্ৰধান হৈছে ৰাজ্যৰ ৫৩ লাখ পৰিয়ালক এটকীয়া চাউল প্ৰদান, বিবাহত বহা সকলো কইনাকে এতোলাকৈ সোণ আৰু খিলঞ্জীয়া মুছলমানৰ বাবে এখন উন্নয়ন পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি অন্যতম৷ 

বাজেট ভাষণত তেওঁ কয় যে আগন্তুক বৰ্ষটোত চৰকাৰে সৰ্বমুঠ ৯৮৩৩৯.০৫ কোটি টকাৰ ৰাজহ আহৰণ কৰিব৷ বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেটত ঘোষণা কৰে যে স্নাতক পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰী নাম ভৰ্তিৰ মাচুল ৰেহাই আঁচনিখন অধিক প্ৰসাৰ ঘটাই পিতৃ-মাতৃৰ বছেৰেকীয়া আয় ২ লাখৰ কম হোৱা সকলো শিক্ষাৰ্থীয়ে এই সুবিধা গ্ৰহণ কৰিব পাৰিব৷

বৰ্তমান দ্বাদশ শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ আঁচনিখনো সম্প্ৰসাৰ কৰাৰ কথা ঘোষণা কৰে। এতিয়া ইয়াৰদ্বাৰা স্নাতক পৰ্যায়লৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়া পাঠ্যপুথি লাভ কৰিব ৷ চৰকাৰী আৰু প্ৰভিনচিয়েলাইজড কলেজ আৰু বিশ্ববিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ হ’ষ্টেলৰ মাচুল প্ৰতিমাহে ৭০০ টকাকৈ দহ মাহৰ বাবে প্ৰদানৰ প্ৰস্তাৱ কৰা হৈছে৷

উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগ লাভ কৰা সকলো ছাত্ৰীক শিক্ষানুষ্ঠানলৈ যাবৰ বাবে ই-বাইক প্ৰদান কৰা হ’ব৷ ব্যৱসায়ীসকলৰ স্বাৰ্থত বাজেটত জি এছ টিৰ নিম্নতম সীমা ৪০ লাখ টকা কৰাৰ প্ৰস্তাৱ কৰা হৈছে৷

২২ কোটি টকা ব্যয় সাপেক্ষে ৬ লেনযুক্ত ব্রহ্মপুত্ৰৰ ওপৰত গুৱাহাটীৰ ওচৰত এখন দলং নিৰ্মাণত মঞ্জুৰি দিয়া হৈছে৷

ৰাজ্যখনত পৰ্যটনৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পৰা গৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে দেশীয় পৰ্যটকৰ সংখ্যা যোৱা বছৰটোত ৫৭,১৩,১৫৬ জনৰপৰা বৃদ্ধি হৈ ৫৯,৩৪,৭৯১ জন হৈছেগৈ৷ একেদৰে বিদেশী পৰ্যটকৰ সংখ্যাও ২৮,৪১৯ জনৰপৰা বাঢ়ি ৩১,৮৩৯ জন হৈছে৷

ৰাজ্যখনৰ ৩৮০ টা আৰ্চেনিক প্ৰভাৱিত অঞ্চল আৰু ৭ টা ফ্ল’ৰাইড প্ৰভাৱিত অঞ্চলত খোৱা পানী বিশুদ্ধকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷ ৰাজ্যখনৰ ক্ৰীড়া আৰু কলা ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ২ হাজাৰ খেলুৱৈ আৰু শিল্পী ৫০ হাজাৰ টকাকৈ একালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছে৷ 

ঐতিহাসিক বটদ্ৰৱা থানৰ বাবে উন্নয়নৰ বাবে চৰকাৰে ১৫৫ কোটি টকা ধাৰ্য কৰিছে৷ প্ৰতিখন গাঁৱৰ গাঁওবুঢ়াসকললৈ স্মাৰ্ট ফোন দিয়াৰ প্ৰতিশ্ৰুতিৰে মন্ত্ৰী শৰ্মাই কয় যে ইয়াৰ দ্বাৰা গাঁওবুঢ়াসকলে জিলা প্ৰশাসনৰ সৈতে যোগাযোগ ৰক্ষা কৰিব পাৰিব বুলি কয়৷

ৰাজ্যখনৰ জনজাতীয় ভাষা আৰু দোৱানসমূহৰ উন্নয়নৰ বাবে ভাষা গৌৰৱ আঁচনি নামেৰে এখন নতুন আঁচনিৰ প্ৰৱৰ্তন কৰাৰ কথা বাজেটত ঘোষণা কৰা হয়৷

১০০ বছৰ পুৰণি ১০৮ টা ধৰ্মীয় অনুষ্ঠানলৈ চৰকাৰে ১০ লাখকৈ সাহায্য প্ৰদান কৰিব৷ কলেজত পঢ়া চাহ-জনগোষ্ঠীৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ মাহে ১০ হাজাৰ টকাকৈ ষ্টাইফেণ্ড প্ৰদান কৰা হ’ব৷

চতুৰ্থ বাৰৰ বাবে ৰাজ্যৰ বি জে পি চৰকাৰে উত্থাপন কৰা এইখন দ্বিতীয়খন ডিজিটেল বাজেট আছিল৷