চৰাইদেউঃ যিটো সময়ত বহিঃৰাজ্যৰ যুৱকক ৰাজ্য চৰকাৰে অসমৰ শিক্ষানুষ্ঠানত নিয়ুক্তি দি ৰাজ্যৰ থলুৱা যুৱকক মাধমাৰ শোধাইছে তেনে সময়তে ৰাজ্যৰ শ-শ যুৱকে চাকৰি লাভ কৰিয়ো দৰমহা নাপায় হাহাকাৰ কৰিব লগা হৈছে৷ তাৰ মাজতে, ৰাজ্য এগৰাকী যুৱতীক চাকৰিৰ দিয়াৰ নামত হাৰাশাস্তি কৰাত ক্ষোভত জ্বলিছে উজনিৰ কেইবাটাও সংগঠন৷

এগৰাকী থলুৱা যুৱতীক হাৰাশাস্তি কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে চৰাইদেউ জিলাৰ সাপেখাটীত৷ তাৰ মাজতে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত তলা ওলমাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ একাংশ নেতা-কৰ্মীয়ে কাৰ্যালয়ত উপস্থিত হৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি তলা ওলোমাই পৰিবেশ উত্তাল কৰি তোলে৷

জানিব পৰা মতে, সাপেখাটী শিক্ষাখণ্ডৰ অন্তৰ্গত পইটাখাট প্রাথমিক বিদ্যালয়ত জ্যোতি গগৈ নামৰ এগৰাকী মহিলাই শিক্ষকতাৰ চাকৰিত নিয়ুক্তি লাভ কৰিছিল। বিভাগীয় কৰ্তৃপক্ষই চক্ৰান্ত মূলক ভাবে জ্যোতি গগৈয়ে চাকৰি কৰি থকা পদটোত হেমকান্ত বৰা নামৰ আন এগৰাকী যুৱকক নিয়োগ কৰে। জ্যোতি গগৈ যোৱা ২০১২ চনৰ পৰা নিয়মিত ভাবে ছাত্ৰ-ছাত্ৰীত শিক্ষাদান কৰি আহিছে যদিও দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে৷ শিক্ষা বিভাগক বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই।

চৰাইদেউ জিলাত বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত শৰৎ বৰকটকী শিক্ষামন্ত্রী হৈ থকাৰ সময়ত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰি আহিছিল। যাৰ ফল স্বৰূপে শিৱসাগৰ জিলাত ১৫৩০ গৰাকী শিক্ষকে বিনা বেতনে কাম কৰি হাহাকাৰ কৰিব লগীয়া হৈছে। জিলাখনত সংঘটিত হোৱা শিক্ষা বিভাগৰ দুৰ্নীতিৰ এক তদন্ত কৰাৰ দাবী জনাই ৰাইজে। বৰ্তমানৰ শিক্ষামন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিহিত ব্যৱস্থা গ্রহণৰ আহবান জনাইছে টাই আহোম যুৱ পৰিষদে।