
ডিব্ৰুগড়ঃ দিল্লীত দলৰ আভ্যন্তৰীণ ৰাজনীতিক লৈ ব্যস্ত ৰাজ্যৰ বহুবল্কী স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ মন্ত্ৰীসভা বিস্তাৰক লৈ ব্যস্ত ৰাজ্যৰ শাসকীয় দল বিজেপি৷ সঘন বৈঠক, সঘন দিল্লী গমনৰ খেলত বন্দী হৈছে এতিয়া ৰাজ্যবাসীৰ ভৱিষ্যত৷
ৰাজ্যত মহামাৰী সদৃশ হৈ পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ৷ দুদিনৰ মূৰে-মূৰে ৰাজ্যত কোনো নহয় কোনো ঠাইত জাপানীজ এনকেফেলাইটিছত মানুহ মৰিছে৷ তথাপিও সজাগ হোৱা নাই ৰাজ্য চৰকাৰ কিম্বা স্বাস্থ্য মন্ত্ৰী৷
ৰাজনীতিৰ পাশা খেলত সিদ্ধহস্ত হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ আপোন বিধায়কক মন্ত্ৰী সজাবলৈ হয়তো উঠি-পৰি লাগিছে৷ ৰাজ্যৰ হাজাৰ হাজাৰ লোকতকৈ এজন বা দুজন বন্ধুহে ডাঙৰ হৈ পৰিছে মন্ত্ৰীগৰাকীৰ বাবে৷
ৰাজনীতিৰ অংকত ব্যস্ত থাকি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ব্যৱস্থা ল'বলৈ পাহৰি পেলাইছে মন্ত্ৰীগৰাকীয়ে। হাজাৰ বানাক্ৰান্তই বিভিন্ন ৰোগত আক্ৰান্তই হা-হুমুনিয়াহ কাঢ়ি দিন পাৰ কৰিছে যদিও খবৰ ল'বলৈ আহৰি নাই স্বাস্থ্যমন্ত্ৰীৰ৷
কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি হাহাকাৰ কৰি আহিছে যদিও ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰোগীৰ সেৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ দল-সংগঠনে পৰ্যাপ্ত সা-সুবিধা দিয়াৰ দাবীত আন্দোলন কৰিব লগা হৈছে৷
অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাই বিভাগ চলাব নোৱাৰে যদি দায়িত্ব এৰিব লাগে বুলি কটাক্ষ কৰে৷ আনহাতে মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই বানপানীত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বলৈ কোনো মন্ত্ৰীৰ এতিয়া আহৰি নাই।
বানপীড়িত লোকসকলৰ প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়োৱাত চিকিৎসা বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি কয়। আনফালে অহা ২২ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি আৰু ভাৰতীয় চাহ সন্থাৰ ডিব্ৰুগড় চক্ৰই ৰহমৰীয়া জাতীয় বিদ্যালয় প্ৰাংগণত বিনামূলীয়া প্ৰাথমিক স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিব৷