গোসাঁইগাঁওঃ ভাৰতৰ বিৰুদ্ধে চীনৰ আগ্ৰাসন অব্যাহত থকা সময়ত কংগ্ৰেছৰ উপাধক্ষ্য ৰাহুল গান্ধীয়ে গোপনে চীনৰ ৰাষ্ট্ৰদূতৰ সৈতে এক ৰহস্যজনক আলোচনাত মিলিত হোৱাৰ প্ৰতিবাদত আজি হিন্দু যুৱছাত্ৰ পৰিষদে গোসাঁইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ তালাচী চকীৰ সমীপত ৩১ গ ৰাষ্ট্ৰীয় ঘাইপথত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰে। 

অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণৰো প্ৰতিবাদ কৰে হিন্দুযুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি পুৱা ১১ বজাত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে চীনা আগ্ৰাসন নচলিব, চীনা সামগ্ৰী বৰ্জন কৰক, চীনৰ দালাল ৰাহুল গান্ধী মুৰ্দাবাদ, অমৰনাথ তীৰ্থযাত্ৰীৰ ওপৰত আক্ৰমণকাৰী হুচিয়াৰ, ভাৰতত থাকি পাকিস্তানৰ দালালি নচলিব আদি প্ৰতিবাদী শ্লোগানেৰে দিয়ে।

পাছত ৰাহুল গান্ধীৰ পুত্তলিকা দাহ কৰি চীন আৰু পাকিস্তানৰ ভাৰত বিৰোধী ভূমিকাৰ তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ জিলা সম্পাদক মধুসূদন দত্তই।