
গুৱাহাটীঃ সৰ্ব্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কাৰ্যকালৰ ১৬ মাহ অতিক্ৰম কৰিলে। পৰিবৰ্তনৰ শ্ল’গান আৰু অভূতপূৰ্ব উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ক্ষমতাত অধিষ্ঠিত হোৱা এই চৰকাৰখনে ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদানেৰে অভিলেখ ৰচনা কৰিছে। ইয়াৰ পৰিপ্রেক্ষিততে ক্ৰমান্বয়ে গণ বিচ্ছিন্ন হ’বলৈও ধৰিছে৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিন্দু যুৱ-ছাত্ৰ পৰিষদে এখন সংবাদমেল আয়োজন কৰি চৰকাৰখনৰ সন্মুখত কেতবোৰ প্ৰশ্ন উত্থাপন কৰি চৰকাৰে প্ৰদান ৰা প্ৰতিশ্ৰুতিত কিমান সফল হৈছে, তাৰ খাতিয়ান বিচাৰে৷
খিলঞ্জীয়া অসমবাসীৰ বাবে অস্তিত্বৰ সংকট সৃষ্টি কৰা এই সমস্যাসমূহ সমাধান তথা বিপদসমূহ প্ৰতিহত কৰাৰ সাহস আৰু দৃঢ়তা চৰকাৰখনৰ আছেনে নাই বুলি প্ৰশ্ন উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰই চৰকাৰৰ পৰা সঠিক উত্তৰ বিচাৰে৷ বেদখলীকৃত ভূমি বেদখলমুক্ত কৰাটো কি হ'ল আৰু বাংলাদেশীকৃত ভূমি বেদখলমুক্ত কৰাৰ সন্দৰ্ভতো সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰে৷
আনহাতে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ শাসনত অধিষ্ঠিত মিত্ৰজোঁটৰ চৰকাৰনে ২৬ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি আৰু জীয়াৰী বোৱাৰীক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই বিষয়েও প্ৰশ্ন কৰি সংগঠনটোৱে ৰাজ্য চৰকাৰক জবাবদিহি কৰে৷ লগতে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কি ভূমিকা অৱলম্বন কৰিছে, সেয়া লৈও সংবাদমেলখনত সংগঠনটোৱে প্ৰশ্ন কৰে৷
ৰাজ্যত তীব্ৰহাৰত বাঢ়ি অহা ছিণ্ডিকেটৰাজ উৎখাত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা চৰকাৰখনে ছিণ্ডিকেট কেতিয়া উৎখাত কৰিব সেয়া চৰকাৰৰ পৰা জনাৰ আগ্ৰহ প্ৰকাশ কৰে সংগঠনটোৱে৷ আনহাতে নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ কথা কোৱা চৰকাৰ খনৰ দিনত কিয় মূল্যবৃদ্ধি হৈ আছে বুলি চৰকাৰক প্ৰশ্ন কৰে৷ লগতে ভাৰতৰ চীৰবৈৰী চীনত নিৰ্মিত সামগ্ৰী বৰ্জন কৰিব লাগে বুলি চৰকাৰে ঘোষণা কৰাৰ পাছতো দিশপুৰ কেপিটেল কমপ্লেক্সত চীনা সামগ্ৰী কিয় ভৰি আছে বুলি প্ৰশ্ন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰে সংগঠনটোৱে৷
হিন্দু যুৱ ছাত্ৰই আজি সংবাদমেলৰ যোগেদি বানাক্ৰান্তক পুনৰ সংস্থাপন, জৰাজীৰ্ণ পথ আদিৰ মেৰামতি আৰু অনা অসমীয়া আমোলা বিষয়া চক্ৰৰ দৌৰাত্ম্য বন্ধৰ সম্পৰ্কত গ্ৰহণ কৰা ভূমিকা সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰে৷ তদুপৰি ৰাজ্যৰ উন্নয়নত বাধাৰ সৃষ্টি কৰি পলমকৈ মন্ত্ৰীসভা সম্প্ৰসাৰণ ঘটোৱাৰ কাৰণ আৰু আন্তৰ্জাতিক সীমাৰ সমস্যাত লোৱা সিদ্ধান্তৰ ওপৰতো চৰকাৰখনৰ পৰা জানিব বিচাৰে৷ আনহাতে ৰাজ্যৰ আইন শৃংখলা উন্নয়নত চৰকাৰে লোৱা পদক্ষেপৰ বিষয়েও সংবাদমেলৰ যোগেদি প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে৷
আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হিন্দু যুৱ ছাত্ৰৰ সংবাদমেলত কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি ৰাজ্যৰ উন্নয়নত সংগঠনটোৱে গুৰুত্ব আৰোপ কৰে৷ ৰাজ্য চৰকাৰে সংগঠনটোৱে উল্লেখ কৰা প্ৰতিটো প্ৰশ্নৰ নিষ্ঠাসহিত উত্তৰ প্ৰদান কৰি ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত মনোনিৱেশ কৰিব বুলি যুৱ হিন্দু ছাত্ৰই আশা প্ৰকাশ কৰিছে৷