
গুৱাহাটীঃ বি জে পিৰ দৰে সোঁপন্থী ৰাজনৈতিক দলে ভৰতত বাক্ স্বাধীনতা খৰ্ব কৰাৰ অলেখ উদাহৰণ আছে৷ সৌ সিদিনা যোৱা ২৯ আগষ্টত ভিমা-কৰেগাঁও ঘটনাত পাঁচজন বিশিষ্ট সমাজকৰ্মী ক্ৰমে ভাৰাভাৰা ৰাও, অৰুণ ফেৰেইৰা, ভাৰ্ণন গনছালভা, শুধা ভৰদ্বাজ আৰু গৌতম নৱলখক মহাৰাষ্ট্ৰৰ বি জে পি নেতৃত্বাধীন চৰকাৰে গৃহ-বন্দী কৰিছিল৷ তেওঁলোকে সামাজিক বৈষম্যৰ বিৰুদ্ধে মাত মাতি আহিছিল৷
ইয়াৰ পূৰ্বে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংঘৰ সভাপতি কানহায়া কুমাৰৰ বিৰুদ্ধেও দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল৷ গুজৰাটতো যুৱ নেতা হাৰ্দিক পেটেলৰ বিৰুদ্ধে ৰাজ্যখনৰ বি জে পি চৰকাৰে একেই দেশদ্ৰোহীতাৰ গোচৰ তৰি এবছৰতকৈ অধিক কাল বন্দী কৰি ৰাখিছিল৷
একেই মানসিকতাৰে বি জে পিয়ে অসমতো এইবাৰ নিজৰ এই গণতন্ত্ৰবিৰোধী কাৰ্য আৰম্ভ কৰিলে৷
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমত দেখা দিয়া ক্ষোভৰ অগনিত কেন্দ্ৰৰ বি জে পি চৰকাৰে পিছ হোঁহকি আহি লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ পাছতো ৰাজ্যসভাৰ বৈঠক এদিনৰ বাবে বৃদ্ধি কৰিও মূৰকত এই বিতৰ্কিত বিধেয়কখন উত্থাপনেই নকৰিলে৷
অসমীয়াৰ জাতি ৰক্ষাৰ আন্দোলনত নতি স্বীকাৰ কৰিবলৈ বাধ্য হোৱা বি জে পি এতিয়া হৈ পৰিছে আক্ৰোশমূলক৷ বৃহস্পতিবাৰে অসমৰ মস্তিষ্ক হিচাপে বিবেচিত বিশিষ্ট চিন্তাবিদ ডঃ হীৰেন গোহাঁই, সাংবাদিক মনজিৎ মহন্ত আৰু সমাজকৰ্মী অখিল গগৈৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰি চৰকাৰখনে আকৌ এবাৰ ইয়াৰ বাক্ স্বাধীনতা তথা গণতন্ত্ৰবিৰোধি স্থিতি প্ৰকট কৰিলে৷
চৰকাৰৰ এনে আক্ৰোশমূলক কাৰ্যৰ বিৰুদ্ধে অসমবাসী পুনৰ ক্ষোভিত হৈ পৰিছে৷ চৰকাৰৰ এই কাৰ্যৰ বিৰুদ্ধে মাত মাতিছে অসমৰ বিদ্বৎ সমাজে৷
ডঃ গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ ৰুজু কৰা সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই কয় যে চৰকাৰে নিজাববীয়াকৈ তৰা এনে গোচৰে পুনৰ আন এটা আন্দোলনৰ বাট মুকলি কৰিব৷ চৰকাৰে কৰি অহা ভুলৰ বাবেই বহু শিক্ষিত যুৱক আলফালৈ গৈছে বুলি সোঁৱৰাই দিয়ে৷
বিশিষ্ট চিন্তাবিদগৰাকীৰ বিৰুদ্ধে তৰা গোচৰ সন্দৰ্ভত বিশিষ্ট সাহিত্যিক তথা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহে প্ৰতিক্ৰয়া প্ৰকাশ কৰি কয় যে এই সংবাদ অতি আহুকলীয়া আৰু দুখলগা৷ তেওঁ সোঁৱৰাই দিয়ে যে আমাক বাক্ স্বাধীনতা দিছে গণতন্ত্ৰই। হীৰেন গোহাঁই অসমৰ মস্তিষ্ক বুলিও মন্তব্য কৰে শ্বাহে।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চৰকাৰৰ এনে কাৰ্যক লজ্জাজনক বুলি আখ্যা দিয়ে। তেওঁ লগতে কয় যে এয়া খিলঞ্জীয়াৰ বাবে অশনি সংকেত, নাগৰিকত্ব সংশোধনী বিধেয়ক আইন হ’লে অসমীয়াই সাংস্কৃতিক–ভাষিক–ৰাজনৈতিক অধিকাৰ হেৰুৱাব বুলি তেওঁ সকীয়াই দিয়ে৷
ইফালে আলফা স্বাধীনৰ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতিভ্ৰম হোৱা বুলি অভিযোগ কৰি তেওঁক ‘ৰবট’ বুলি অভিহিত কৰে৷