নলবাৰীঃ ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰী হৰিমন্দিৰৰ ৰাস বুলি ক’লে সকলোৰে মন প্ৰাণ জিপাল হৈ উঠে। আনফালে ধনী, মধ্যবৃত্তলোকে ধুনীয়া সাজ পৰিধান কৰি ৰাস চাবলৈ আহে আনফালে শীতত কাপোৰ পিন্ধিবলৈ নোপোৱা দৰিদ্ৰলোকে ৰাসতেই নহয় আজীৱন ভিক্ষা মাগি থকা দেখা যায়৷ উৎসৱমুখৰ পৰিৱেশত দুখীয়াসকলৰ মুখত হাঁহি এমুকুৰা বিয়পাবলৈ সহাঁৰি নামৰ সংস্থাটোৱে অনাথ তথা দৰিদ্ৰসকলক এসাঁজ কাপোৰ আৰু খোৱাৰ ব্যৱস্থাৰ দায়িত্বৰ বাবে আগবাঢ়ি আহিছে৷ 

এই ক্ষেত্ৰত সঁহাৰিৰ সভাপতি প্ৰকাশ দাস আৰু সম্পাদক দীপ মেধিয়ে জনায় যে তেওঁলোকৰ সামৰ্থ অনুযায়ী কৰা এই কামৰ বাবদ তেওঁলোকে অসহায় ব্যক্তিসকলৰ মুখত যি হাঁহি কঢ়িয়াব পাৰিছে সেই হাঁহিয়ে অনাগত দিনত তেওঁলোকক কাম কৰাৰ বাবে উৎসাহ যোগাব। এই কামত সহযোগ কৰে কাৰ্যকৰী সদস্য দেবজিত মহন্ত, মানস, ৰীমা, বিক্ৰম, ছয়নিকা, ৰমেন, সুস্মিতা, সঞ্জীৱ, মানবেন্দ্ৰ, ৰিদিপ, জয়ন্ত। সঁহাৰিয়ে এনেকুৱা এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে কাম কৰি যোৱাৰ বাবে নলবাৰী হৰি মন্দিৰৰ সাধাৰণ সম্পাদক নগেন ডেকাই পুনৰবাৰ সঁহাৰিৰ সদস্য সকলক প্ৰসংশা কৰাৰ লগতে হৰি মন্দিৰ কমিটিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি এনেদৰে আগবাঢ়ি যাবলৈ উৎসাহ দিয়ে।