মোৰাঝাৰঃ হোজাই জিলাৰ যমুনামূখৰ এৰাকপিলী বিলত মঙলবাৰে এটা মৃতদেহ উদ্ধাৰ হয়৷ এৰাকপিলি বিলত ওপঙি থকা অৱস্থাত একাংশ লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে৷

যমুনামূখ আৰক্ষীয়ে মৃতদেহটো হোজাই থানাৰ বালিৰাম পাথাৰ গাঁৱৰ গকুল দাস বুলি চিনাক্ত কৰে। তেওঁ মৃগি ৰোগী আছিল বুলি জানিব পৰা গৈছে। যমুনামুখ আৰক্ষীয়ে মৃতদেহ উদ্দাৰ কৰি মৰণোওৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে।