লংকাঃ বিজেপি চৰকাৰে ৰাজ্যত অপপ্ৰচাৰ চলাই মানুহক বিভ্ৰান্ত কৰিছে৷ চৰকাৰ খনে উন্নয়নেৰে পৰিবৰ্তন কৰিব পৰা নাই৷ বৰঞ্চ সেই উন্নয়ন পতনত হে হৈছে৷ এনেদৰে শাসকীয় বিজেপি দলক আক্ৰমণ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

হোজাই জিলা কংগ্ৰেছৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১ বজাত লংকাচহৰৰ লংকেশ্বৰী নাট্য মন্দিৰত অনুষ্ঠিত এক বিশাল প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷

হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডঃ অৰ্ধেন্দু কুমাৰ দেৰ সভাপতিত্বত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি উপস্থিত ৰাইজক উদ্দেশ্যি দিয়া ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিয়ে ৰাজ্যত অপপ্ৰচাৰ চলাইছে বুলি কয়৷

বিজেপি প্ৰবঞ্চকৰ চৰকাৰ বুলি কৈ এই প্ৰবঞ্চক চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ কংগ্ৰেছ দলে সংগ্ৰাম কৰিব লাগিব বুলি কয় তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰিব বুলি কৈ লংকাত অনুষ্ঠিত বিশাল প্ৰতিবাদী সভাৰ পৰাই বিজেপিৰ সৈতে যুজ দিয়াৰ ৰণ শিঙা বজোৱাৰ কথা উল্লেখ কৰে৷

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভাষণৰ পিছতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰধান মন্ত্ৰী মোদীক সমালোচনা কৰে৷ কংগ্ৰেছৰ বিকল্প ভাৰতবৰ্ষত আন কোনো দল নাই বুলি কয়৷ বিজেপি চৰকাৰ পুজিপতিৰ চৰকাৰ৷ মোদী ডাঙৰীয়াই অসমৰ ৰাইজক বেয়াকৈ  ঠগিছে৷ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে একো ত্যাগ কৰা নাই বুলি কয় বৰাই৷

বিশাল প্ৰতিবাদী সভাত অংশ লৈ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনে তৰুণ গগৈৰ কাৰ্যকালত ৰাজ্যত মাথো তিনিটা সমস্যা আছিল বুলি কৈ আইন শৃংখলা পৰিস্থিতি, অৰ্থনৈতিক সমস্যা, বিদেশী সমস্যাৰ বাহিৰে আন সকলো সমস্যা সমাধান কংগ্ৰেছে কৰা বুলি কয় ৰকিবুলে৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্তীণ ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ কংগ্ৰেছ চৰকাৰৰ দিনতেই প্ৰদান কৰা হৈছিল৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ ৰাইজে বৰ্তমানৰ চৰকাৰ খনক উচিত প্ৰত্যুত্তৰ দিব বুলি ভাষণ প্ৰসংগত কৈ বিজেপি আৰু এ আই ডি ইউ এফ এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি বুলি ৰকিবুলে অভিযোগ কৰে৷

বিজেপিৰ দিনত খাদ্যত সামগ্ৰীৰ জুই চাইৰ দাম হৈছে৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছে পুনৰ চৰকাৰ হ’ব বুলি তেওঁ মন্তব্য প্ৰদান কৰে ৰকিবুলে৷ কংগ্ৰেছৰ বিশাল প্ৰতিবাদী সভাত হোজাই, লংকাৰ কংগ্ৰেছৰ বিভিন্ন নেতা উপস্থিত থাকে৷