হোজাইঃ হোজাইৰ মোৰাঝাৰৰ অকচেক মিকিৰ গাঁৱত বস্তাৰ ভিতৰত এটা  মৃতদেহ উদ্ধাৰক লৈ আৰাম্ভ হৈছে তীব্ৰ চাঞ্চল্যৰ৷

বুধবাৰে সন্ধিয়া স্থানীয় মিকিৰ গাঁৱৰ এটা কালভাৰ্টৰ তলত বস্তাৰ ভিতৰ মৃতদেহটো পেলাই থোৱা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীত খবৰ দিয়ে৷

ঘটনাস্থালিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো ১নং উত্তৰ চামৰালি গাঁৱৰ জাকিৰ হোছেইনৰ  ৮ বছৰীয়া পুত্ৰ আৰমান আলি বুলি চিনাক্ত কৰে।

মঙলবাৰে সন্ধিয়া ১নং উত্তৰ চামৰালি মছজিদত চলি থকা ওৱাজ মেহফিলৰপৰা নিৰুদ্দেশ হৈছিল শিশুটি৷ আজি সন্ধিয়া ৭ বজাত মৃতদেহটো স্থানীয় ৰাইজে পত্যাক্ষ কৰে৷ অপহৰণ কৰি এয়া এক পৰিকল্পিত হত্যা বুলি পৰিয়ালৰ লোক আৰু স্থানীয় লোকে সন্দেহ কৰিছে৷ আৰক্ষীৰ তদন্তৰ পাছতহে ওলাব ঘটনাৰ প্ৰকৃত ৰহস্য৷