লংকাঃ বিগত তিনি বছৰত ৰাইজে পতা প্ৰায় দুইলাখ বিদ্যালয় বন্ধ হৈছে৷ অসমতো কেইবা হাজাৰ বিদ্যালয় বন্ধ হৈ গৈছে৷ বিদ্যালয় সমূহ জীয়াই ৰখাৰ কৰ্তব্য প্ৰাক্তন ছাত্ৰ সকলৰ৷ এই মন্তব্য শিক্ষাবিদ তথা চিন্তাবিদ ড০ দীনেশ বৈশ্যৰ৷

ৰাজ্যৰ ভিতৰতে অন্যতম ইতিহাসে গৰকা, ঐতিহ্যমণ্ডিত, স্বাধীনতাৰ এবছৰ পুৰ্বে স্থাপন হোৱা দক্ষিণ নগাঁৱৰ প্ৰথম অসমীয়া মাধ্যমৰ বিদ্যালয় আব্দুল হাচিব উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ সমাৰোহত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এই মন্তব্য প্ৰকাশ কৰাৰ লগতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে ড০ দীনেশ বৈশ্যই৷

চৰকাৰে শিক্ষাক সাধাৰণ মানুহৰ হাতৰ পৰা লৈ গৈ পুজিপতিৰ হাতত গতাব বিচৰা বুলি কয়৷ ইতিমধ্যে দেশৰ বহু কেইখন ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষানুষ্ঠান ব্যক্তিগত খণ্ডৰ কোম্পেনিক গতাই দিয়া বুলি কয় শিক্ষাবিদগৰাকীয়ে৷ শিক্ষাৰ বানিজ্যকৰণৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰ শিক্ষাবিদগৰাকীয়ে৷ শনিবাৰ আৰু দেওবাৰে দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত সমাৰোহৰ লগত সংগতি ৰাখি বিদ্যালয় প্ৰাংগণত সমাৰোহ আয়োজক সমিতি আৰু হোজাই এ পি জে আব্দুল কালাম স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ভাৰত ৰত্ন তথা মিছাইল মেন গৰাকীৰ এতি আৱক্ষ মূৰ্তি প্ৰতিষ্ঠা কৰাৰ হয়।

আৱক্ষ মূৰ্তি দ্ওবাৰে দিনৰ এঘাৰ বজাত গুৱাহাটী বিশ্ববিদ্যায়ৰ উপাচাৰ্য মৃদুল হাজৰিকাই আনুষ্ঠানিক ভাৱে উন্মোচন কৰে। আবক্ষ মূৰ্তি উন্মোচনৰ পিছত উপাচাৰ্য গৰাকীয়ে বিদ্যালয় খনৰ শিক্ষক ৰঞ্জন বৰাৰ সম্পাদনাত প্ৰস্তুত কৰি উলিওৱা শিক্ষক, ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰ সকলৰ মনোগ্ৰাহী লেখনিৰে 'ৰামধেনু' নামেৰে প্ৰাচীৰ প্ৰত্ৰিকা খন উন্মোচন কৰে। উপাচাৰ্যগৰাকীক হোজাই প্ৰেছ ক্লাৱৰ সন্মুখৰ পৰা প্ৰাক্তন ছাত্ৰ সকলৰ লগতে আয়োজক সমিতিয়ে আদৰি বিদ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ আহে।

২৮ অক্টোবৰৰ সন্ধিয়াৰ পৰা আৰম্ভ হোৱা সন্মিলন উপলক্ষে 'সেতুবন্ধন' নামৰ এখন স্মৃতিগ্ৰন্থ প্ৰকাশো কৰা হয়। 'সেতুবন্ধন' উন্মোচন কৰে সাহিত্যিক তথা শীৰ্ষ আৰক্ষী বিষয়া ডঃ নন্দ সিং বৰকোলাই। দ্বীতীয় দিন অৰ্থাৎ দেওবাৰে অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়া উন্মোচন কৰে শিল্পী, সাহিত্যিক ডঃ অঞ্জন জ্যোতি চৌধুৰীয়ে। সমাৰোহত দুদিনত জীৱিত প্ৰাক্তন শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত শিক্ষক কৰ্মচাৰীসকলক শ্রদ্ধা জনোৱা হয়।

সমাৰোহত সহপাঠী সকলৰ মাজত অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰা হয়। এই সমাৰোহত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ সহপাঠী সকলৰ সৈতে পুনৰ একত্ৰিত হৈ নষ্টালজীক হৈ পৰে। শনিবাৰে প্ৰাক্তন ছাত্ৰ আৰু অন্যান্য সকলে এক মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠানৰ পৰিবেশন কৰে। অনুষ্ঠানত প্ৰাক্তন ছাত্ৰীৰ কন্যা বিদিশা বৰঠাকুৰ, প্ৰাক্তন ছাত্ৰ বহাৰউদ্দীন, গোবিন্দ পাঠক, চৈয়দ জাকিৰ হুছেইন আদিয়ে গীত পৰিবেশন কৰে।

এই অনুষ্ঠান বিদ্যালয়ৰ ঘণ্টা (বেল) বজায় আৰম্ভ কৰা হয়। দেওবাৰে অনুষ্ঠিত মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি বৰুৱা কলেজৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ দীনেশ বৈশ্য, ডঃ ৰানু বৈশ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মুকুল হাজৰিকা, সহিত্যিক তথা শিক্ষাবিদ ডঃ সাৰদানন্দ দেৱগোস্বামী, প্ৰাক্তন মন্ত্ৰী হাজি আব্দুল ৰৌফ, হোজাইৰ আৰক্ষী অধিক্ষক দেৱজিত মূখাৰ্জী, হোজাই কলেজৰ অধ্যক্ষ ডঃ বিমান কুমাৰ ভট্টকে আদি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

আয়োজক সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ অনুপ কুমাৰ বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে ভাষণ প্ৰসংগত বৰ্তমান ছাত্ৰ-ছাত্ৰী সকলে মানৱীয় প্ৰমূল্যবোধ হেৰুৱাইছে বুলি মন্তব্য কৰে। সংগীতৰ ওপৰত গৱেষণা কৰা ডঃ ৰানু বৈশ্যই ভাষণৰ মাজতে গীত গাই সভাত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলক আপ্লুত কৰে।