মোৰাঝাৰঃ হোজাই বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢলপুখুৰী উন্নয়ন খণ্ডৰ নন্দপুৰ পঞ্চায়তত আই এ ৱাই গৃহ আবন্টনত শনিবাৰে সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে নন্দপুৰ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী পঞ্চৰাণী দাস আৰু পূৰ্বৰ সচিব শ্বৰীফ উদ্দিন আহমেদ।

নন্দপুৰ পঞ্চায়তত আই এ ৱাই গৃহ আবন্টনত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে স্থানীয় বাবাতম্বী সিংহ নামৰ এজন লোকে তৰা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 

ধৃত শ্বৰীফ উদ্দিন আহমেদ বৰ্তমান যমুনামুখ সমষ্টিৰ বিনাকান্দি উন্নয়ন খণ্ডৰ মোৰাঝাৰ গাঁও পঞ্চায়তত সচিব হিচাপে নিয়োজিত হৈ আছে। ঘটনা সংক্ৰান্তত তৰা গোচৰৰ ভিত্তিত ৰুজু হোৱা ৩৩২/১৭ নম্বৰত শনিবাৰে অভিযুক্ত প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী পঞ্চৰাণী দাস আৰু সচিব শ্বৰীফ উদ্দিন আহমেদক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে।