মোৰাঝাৰঃ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাৰ নীলবাগানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷ সাংবাদিকতাৰ পেশাগত নৈতিকতাক বজাই ৰখাৰ স্বাৰ্থক সাৰোগত কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰখাৰ বাবে ১৬ নৱেম্বৰত প্ৰেছ দিৱস পালন কৰা হয়৷ হোজাই জিলাৰ কেইবাটাও প্ৰেছ ক্লাৱৰ উমৈহতীয়া মঞ্চ হোজাই জিলা সাংবাদিক সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷

সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সাংবাদিক ছাদিকুজ জামান আৰু সাংবাদিক আব্দুল কাদিৰে আঁতধৰা সভাখন আদৰনি অনুষ্ঠান পৰিচলনা কৰে সহ সম্পাদক মাহমুদ আলীয়ে৷ ১১ বজাত সাংবাদিক কফিল উদ্দিন বৰভুঞাৰ সম্পাদনাত পূৰ্বোত্তৰ হোজাই জিলা সাংবাদিক সন্থাৰ বছৰেকীয়া মুখপত্ৰ "কলমৰ দাপোন" নামৰ আলোচনীখন বিশিষ্ট অতিথি আৰু শিক্ষাবিদ সকলৰ দ্বাৰা উন্মোচন কৰা হয়৷

লংকা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ চ’ৰাত হোজাই জিলা সাংবাদিক সন্থাৰ সভাপতি সুব্ৰত চৰকাৰ সঞ্চলনাত অনুষ্ঠিত অনুষ্ঠিত হয় আলোচনা চক্ৰ৷ আলোচনা চক্ৰ উদ্ধোধন কৰে হাজী আনফৰ আলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ হাচিনুচ চুলতানে৷ আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক বেদব্ৰত বৰা, নীলবাগানৰ সাংবাদিক জিয়াউৰ ৰহমানে৷

আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নীলবাগান মডেল উচ্চতৰ মাদ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহাম্মদ বৰভুঞা, হোজাই আজমল ফাউণ্ডেচনৰ কমৰুল হক, শিক্ষাবিদ ৰফিক উদ্দিন বৰভুঞা, কবি আতৰ আলী চৌধুৰী, আনফৰ ফাউণ্ডেচনৰ সহযোগী পৰিচালক ফিৰুজ আহমেদ লস্কৰ, নীলবাগান মডেলৰ চিকিৎসক আজিজুৰ ৰহমান, অভিযন্তা আইনুল হক চৌধুৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷

পুৱা ৮ বজাত পতাকা উত্তোলন কৰে সুব্ৰত সৰকাৰে৷ ৮.১৫ বজাত শ্বহীদ তৰ্পণ কৰা হয়৷ পুৱা ৯ বজাত নীলবাগান মডেল হস্পিতালত শিক্ষক শ্বাকিৰ আহমেদ বৰভুঞা, হোজাইৰ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া চফিকুৰ ৰহমানে৷ পুৱা দহ বজাত সমাজ সেৱা মুলক অনুষ্ঠান মুকলি কৰে শিক্ষক ৰফিক উদ্দিন বৰভুঞাই৷ সমাজ সেৱামুলক অনুষ্ঠানৰ লগত সংগতি ৰাখি অঞ্চলটোৰ তিনিগৰাকী কৃতি শিক্ষাৰ্থীক কিতাপ কলম আদি সামগ্ৰী প্ৰদান কৰা হয়৷

আলোচনা চক্ৰত দেশত মহিলা সাংবাদিকতাৰ আৱশ্যকতাৰ লগতে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি আৰু সংবাদ মাধ্যমৰ ভুমিকা সন্দৰ্ভত আলোচনা চক্ৰত ভাষন প্ৰদান কৰে বহু কেইজন বক্তাই৷ আলোচনাচক্ৰত দিয়া ভাষণ প্ৰসংগত বেদব্ৰত বৰাই কয় "ৰাজনৈতিক নেতাই দেশত সাম্প্ৰদায়িক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে৷

হিন্দু আৰু মুছলমানে কেতিয়াও পৰস্পৰে পৰস্পৰক সাম্প্ৰদায়িক দৃষ্টিভংগীৰে নাচায়৷ এটা বিশেষ চক্ৰই হিন্দু-মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি মুনাফা লব বিচাৰিছে৷ শান্তিপ্ৰিয় অসমৰ ৰাইজে সেয়া কেতিয়াও হবলৈ নিদিয়ে৷ হিন্দুৱে মুছলিমৰ ঘৰত আৰু মুছলিমে হিন্দুৰ ঘৰত বিনাদ্বিধাৰে যাব পাৰে আৰু এনেদৰে মিলাপ্ৰীতিৰে সকলোৱে অসমত ধৰ্মনিৰপেক্ষতাৰ পৰিচয় দি আহিছে বুলি তেওঁ মন্তব্য কৰে"৷ আনহাতে বৰাই আৰু কয় "আজিৰ সংবাদ মাধ্যম স্বতন্ত্ৰ নহয়৷ একাংশ পুজিপতিৰ মতে চলি আছে দেশৰ সংবাদ মাধ্যম৷"