
মোৰাঝাৰঃ ঐতিহাসিক নগাঁও জিলাৰ তিনিটা মহকুমা নগাঁও, হোজাই আৰু কলিয়াব৷ তিনিটা মহকুমাৰ ভিতৰত অন্যতম হোজাই মহকুমা৷ নগাঁৱৰ সাহিত্য, সংস্কৃতি, পৰম্পৰা, ঐতিহ্যৰ সৈতে হোজাই মহকুমাৰ লোকসকল একাত্ম হৈ আছিল৷ হাত হাত ধৰি তিনিওটা মহকুমাৰ লোকসকলে নগাঁও জিলাক আগুৱাই নিছিল৷ নগাঁও চহৰৰ পৰা প্ৰায় ৬০ কিঃ মিঃ নিলগত দক্ষিণ দিশে হোজাই মহকুমা।
২০১১ চনৰ লোক-পিয়ল অনুসৰি হোজাই মহকুমাৰ অন্তৰ্গত ১৮৪ খন গাঁৱৰ জনসংখ্যা ৩,৪৭,৬২৭ গৰাকী।হোজাই মহকুমাৰ সদৰ আছিল শংকৰদেৱ নগৰ৷ হোজাই মহকুমাটোৰ লোকসকল মূলত কৃষিজীৱি৷ ব্যৱসায়ী আৰু চাকৰিজীৱী লোকৰ সংখ্যা বহু কম মহকুমাটোত৷ ৰাজ্যৰ ভিতৰতে হোজাই মহকুমাত প্ৰচুৰ পৰিমাণে ধান আৰু খাদ্য-শস্য উৎপাদন হয়৷
হোজাইৰ পৰা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ আন প্ৰান্তত শাক-পাচলি যোগান ধৰা হয়৷ ‘অগৰু’ ব্যৱসায়ৰ বাবেও বিখ্যাত মহকুমাটো৷ মূলত কৃষিজীৱী লোকসকলে ৰাজ্যৰ আৰ্থিক দিশটোত বৰঙণি যোগাই আহিছে৷ মহকুমাটোত শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ দীৰ্ঘদীনীয়া৷ উন্নত মানৰ শিক্ষানুষ্ঠান নথকৰা বাবে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা বুলি অভিযোগ উত্থাপন হয়৷
কাৰিকৰী শিক্ষানুষ্ঠান নথকাৰ বাবে তথা শিক্ষানুষ্ঠানৰ আন্তঃগাঠনি উন্নত নোহোৱাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত মহকুমাটো পিছপৰি থকা বুলি অভিযোগ উত্থাপন হয়৷ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ অহাৰো অভিযোগ উত্থাপন হয়৷ হোজাই জিলাত এখন উচ্চ শিক্ষানুষ্ঠান স্থাপন কৰাৰো দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল ৰাইজে৷ নগাঁও জিলা প্ৰশাসনৰ সৈতে মহকুমাটো একত্ৰিত হৈ থকাৰ সময়তে এদিন প্ৰশাসনিক সুবিধাৰ বাবে হোজাই জিলাৰ লোকসকলে হোজাই মহকুমাক জিলা ঘোষণাৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে৷
ৰাজপথ কপাই প্ৰতিবাদ আৰম্ভ কৰাত চৰকাৰে হোজাই মহকুমাৰ জনসাধৰণৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ বাধ্য হৈছিল৷ তদানীন্তন কংগ্ৰেছ চৰকাৰে ২০১৫ চনৰ ১৫ আগষ্টত হোজাই জিলাক সুকীয়া জিলা হিচাপে ঘোষণা কৰে৷ জিলা ঘোষণাৰ পাছতে উৎফুল্লিত হৈ পৰে ৰাইজ৷ ৰাইজে জিলাখনৰ শিক্ষা, স্বাস্থ্য, বাট-পথৰ উন্নয়ন হ’ব বুলি ৰাইজে সপোন দেখে৷ জিলা ঘোষণাৰ দুবছৰ পাছত হোজাই জিলাখনলৈ পুনৰ এটি সুখবৰে উৎফুল্লিত কৰে হোজাই জিলাবাসীক৷
হোজাই মহাবিদ্যালয়ক ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰাত উৎফুল্লিত হৈ পৰিছে হোজাই জিলাৰ সৰ্বস্তৰৰ ৰাইজ। ৰাজ্য চৰকাৰৰ এই সিন্ধান্তক আদৰণি জনায় হোজাই জিলাৰ দল-সংগঠনে৷ এই সিদ্ধান্তক আদৰণি জনায় হোজাই মহাবিদ্যালয়ৰ অধ্যাপকসকলেও। মহাবিদ্যালয় চৌহদত ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ৰাইজে। ১৯৬৪ চনত স্থাপন কৰা হোজাই মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত কৰিলে যদিও মহাবিদ্যালয়খনৰ আন্তঃগাঠনি আজিও পুতৌ লগা৷
কলা, বাণিজ্য আৰু বিজ্ঞান তিনিওটা শাখাৰ মহাবিদ্যালয়খন এশ এবুৰি সমস্যাৰে জৰ্জৰিত৷ মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি মহাবিদ্যালয়খনক সদায় অৱহেলা কৰা বুলি কয়৷ ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, মহাবিদ্যালয়খনত নাই প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা নথকাত ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।
মহাবিদ্যালয়খন বিশ্ববিদ্যালয় হ’ল যদিও ছাত্ৰ-ছাত্ৰী, শিক্ষকে একাপ চাহ খাবলৈ বাহিৰলৈ যাব লগা হয়৷ নাই কেণ্টিনৰ ব্যৱস্থা৷ খেলা-ধূলা কৰাৰ বাবে নাই খেলপথাৰৰো ব্যৱস্থা। প্ৰতিটো বিভাগত আজিও খালী হৈ আছে প্ৰবক্তাৰ পদ৷ নাই পৰ্য্যাপ্ত শ্ৰেণীকোঠা।
ছাত্ৰ-ছাত্ৰীৰ জিৰণী চ'ৰাৰ নামত কোনো সুবিধা নাই মহাবিদ্যালয়খনত৷ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথতে চাইকেল, বাইক থব লগা হয়৷ পাৰ্কিঙৰ ব্যৱস্থা নথকাত ৰাজপথতে চাইকেল আৰু বাইকসমূহ ৰখাবলগীয়া হয়। অধ্যক্ষগৰাকীৰ পৰা এই সমস্যা সন্দৰ্ভত জানিব বিচৰাত আওঁপকীয়াকৈ বহু সমস্যা থকা বুলি স্বীকাৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত কৰাটো ভাল কথা বুলি উল্লেখ কৰি প্ৰয়োজনীয় সা-সুবিধাসমূহ প্ৰদান কৰিবলৈ দাবী জনায়৷