ৰজাৰ ৰং...

The Indian Express
The Indian Express

ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত পবিত্ৰ হোলী উৎসৱ পালন কৰে দেশৰ জনসাধৰণে৷ দেশৰ নাগৰিক কোনেও পিছপৰি থকা নাই৷ আনন্দ-উলাহত মতলীয়া হৈ পৰে দেশৰ প্ৰতিগৰাকী নাগৰিক৷ দেশৰ বিভিন্ন প্ৰান্ত জনসমুদ্ৰত পৰিণত হয়৷

ডেকা, বুঢ়া, সকলোৱে দৌল উৎসৱত অংশ লয়৷ আনহাতে দেশৰ ৰজা সকলে তথা শাসন কৰ্তাসকলেও পিছ পৰা থকা নাই৷ কেন্দ্ৰীয় মন্ত্ৰী, ৰাষ্ট্ৰীয় নেতা, ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলেও পিছ পৰি থকা নাই৷ প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰীয়ে দিল্লীত হোলী উৎসৱ পালন কৰে৷ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে ৰঙত মতলীয় হৈ পৰে৷

আমাৰ ৰজাসকলেও পিছপৰি নাথাকিল হোলী খেলাৰ পৰা৷ ব্যস্ততাৰ মাজতো পৰিয়াল, অনুৰাগী, দলৰ নেতা-কৰ্মীৰ সৈতে মতলীয়া হৈ ৰং সানি নাচি-বাগি পাৰ কৰিলে দিনটো৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে গোৰখপুৰত হোলী মিলন সমাৰোহ অনুষ্ঠিত কৰে৷ যোগীয়ে মিলন সমাৰোহত উপস্থিত থাকি মন্ত্ৰী-বিধায়ক আৰু নেতা-কৰ্মীৰ কৰ্মীৰ গাত ৰং সানে৷ সাংস্কৃতিক কাৰ্যসুচী উপভোগ কৰে৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখল সিং য়াদৱে আৰু খুৰা শিৱ পাল যাদৱে চফাইত অনুষ্ঠিত হোলী উৎসৱত অংশ লয়৷ কেইবাগৰাকী প্ৰাক্তন মন্ত্ৰী-বিধায়ক আৰু নেতা-কৰ্মীৰ কৰ্মীৰ গাত ৰং সানে৷ সাংস্কৃতিক কাৰ্যসুচী উপভোগ কৰে৷ হাৰিয়াননাৰ মুখ্যমন্ত্ৰী এম এল খাট্টাৰে পুৱাৰে পৰা হোলী খেলি৷ হাৰিয়ানাৰ কাৰ্ণালত অনুষ্ঠিত হোলী উৎসৱত অংশ লয়৷ কেইবাগৰাকী মন্ত্ৰী-বিধায়ক আমোলাৰ উপস্থিতিত গাত ৰং সানে৷ সাংস্কৃতিক কাৰ্যসুচী উপভোগ কৰে৷ অভিনেতা, পঞ্জাৱৰ মন্ত্ৰী নৱজোৎ সিং সিদ্ধুৱে চিআৰপিএফৰ জোৱানৰ সৈতে হোলী পালন কৰে৷ উত্তৰ প্ৰদেশৰ বাৰাণসীত বিজেপি নেতা-কৰ্মীয়ে একত্ৰিত হৈ হোলী উৎসৱ পালন কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও দিল্লীৰ গৃহত দলীয় সমৰ্থকৰ সৈতে হোলী পালন কৰে৷ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে হোলী খেলে৷ ভোপালত অনুষ্ঠিত হোলী উৎসৱত অংশ লয়৷ কেইবাগৰাকী মন্ত্ৰী-বিধায়ক আমোলাৰ উপস্থিতিত গাত ৰং সানে৷ সাংস্কৃতিক কাৰ্যসুচী উপভোগ কৰে৷ কেন্দ্ৰীয় মন্ত্ৰী মোক্তাৰ আব্বাচ নাকভিয়ে দিল্লীৰ গৃহত দলীয় সমৰ্থকৰ সৈতে হোলী পালন কৰে৷ নাচি-বাগি, মতলীয়া হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজ নাথ সিঙে দিল্লীৰ গৃহত দলীয় সমৰ্থকৰ সৈতে হোলী পালন কৰে৷

অসমৰ বৰপেটা-বৰদোৱাত দৌল মহোৎসৱত বিৰ দি বাট নোপোৱা অৱস্থা হয়৷ হৰিনামৰ ধ্বনিৰে মুখৰিত চৌপাশ৷ নগাঁও জিলাৰ বৰদোৱাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অতীতৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এইবেলিও পাঁচদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে ২৮ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা শ্ৰী কৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ তৃতীয় দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে থান প্ৰাংগণ জনসমুদ্ৰত পৰিণত হয়।

আনহাতে আবিৰৰ ৰং আৰু হোলী গীতেৰে মুখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত বৰপেটাৰ আকাশ বতাহ। ঐতিহ্যমণ্ডিত বৰপেটাৰ দৌল মহোৎসৱৰ শুকুৰবাৰে ভৰদৌল অনুষ্ঠিত হৈছে। পুৱাৰে পৰা বৰপেটা সত্ৰত পৰিলক্ষিত হয় অগণন ভক্তৰ সমাগম৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ লগতে কেইবাজনো আতাৰ লীলাভূমি সদৃশ বৰপেটা হৰিনামেৰে মুখৰিত হৈ পৰে৷ সমগ্ৰ ৰাইজে ভক্তিৰসত গদ গদ হৈ পৰে৷ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈ পৰে৷