02
Sep
2017

জাজৰিঃ শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে জাজৰিটো পবিত্র ঈদ-উজ-জোহাৰ নামাজ সম্পন্ন হয়। জাজৰি আঞ্চলিক ঈদগাহ পথাৰত পুৱা ৮ বজাৰ লগে লগে ঈদৰ নামাজ পঢ়ে।
ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই প্ৰায় ১০ হেজাৰো অধিক মুছলমান লোকৰ উপস্থিতিত নামাজৰ শেষত দোৱা কৰে মৌলানা জাকিৰ হুছেইনে। ঈদগাহ কমিতিৰ সভাপতি মকিবুৰ ৰহমান আৰু সম্পাদক ইমদাদুৰ ৰহমানে অসমবাসী ৰাইজলৈ পবিত্র ঈদৰ শুভেষ্যা জ্ঞাপন কৰে।