
কোকৰাঝাৰঃ নামমাত্ৰ পাৰিতোষিকৰে কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত কৰ্মৰত হৈ থকা গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ বাবে জিলাখনত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা নামেৰে এক পূৰ্ণাংগ জিলা সমিতি থকা সত্বেও শেহতীয়াকৈ অসম গৃহৰক্ষী কল্যাণ সমিতি নামেৰে আন এক জিলা সমিতি গঠন কৰাক লৈ কোকৰাঝাৰ জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
আজি এক প্ৰেছ বিবৃতিযোগে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মন আৰু সম্পাদক বৰহান কাজীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশেৰে গৃহৰক্ষী সন্থাৰ নামত জিলাখনত নতুনকৈ গঠন হোৱা সমিতিখনক অসাংবিধানিক তথা অবৈধ আখ্যা দিয়ে ৷
মাত্ৰ কেইজনমান গৃহৰক্ষী জোৱানে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবে কোনো সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ অবৈধভাৱে অসম গৃহৰক্ষী কল্যাণ সমিতি নামেৰে কোকৰাঝাৰ জিলা সমিতিখন গঠন কৰা বুলি সন্থাৰ সভাপতি আৰু সম্পাদকদ্বয়ে বিবৃতিটোত উল্লেখ কৰে ৷
তদুপৰি অসম গৃহৰক্ষী কল্যাণ সমিতিৰ ৰাজ্যিক সমিতিৰ পঞ্জীয়নৰ ম্যাদ যোৱা ২০১৬ চনৰ ১৮ আগষ্টৰ পিছতে উকলি যোৱা সত্বেও ৰাজ্যিক সমিতিখনৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক নাৰায়ণ দাসে কোনো ধৰণৰ ৰাজ্যিক অধিৱেশন অনুষ্ঠিত নকৰাকৈ সম্পূৰ্ণ অবৈধভাৱে সমিতিখন পৰিচালনা কৰি আছে বুলি গৃহৰক্ষী সন্থাৰ নেতাদ্বয়ে অভিযোগ কৰে ৷
সেয়েহে কোকৰাঝাৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি কৰ্মৰত হৈ থকা গৃহৰক্ষীসকলক এই ভুৱা সমিতিখনত যোগদান তথা সঁহাৰি নিদিবলৈ আহ্বান জনোৱাৰ লগতে গৃহৰক্ষী সন্থাৰ নামত গঠন হোৱা ভুৱা সমিতিখনৰ স্বয়ম্ভু ৰাজ্যিক সভাপতি দ্বীপেন শৰ্মাক গৃহৰক্ষীসকলৰ ঐক্যতা আৰু মিলাপ্ৰীতিৰ মাজত বিভাজন অনাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে ৷ লগতে গৃহৰক্ষী সন্থাৰ নেতাদ্বয়ে উল্লেখিত ভুৱা সংগঠনটোৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকক আহ্বান জনাইছে ৷
উল্লেখ্য যে অবৈধভাৱে গঠন হোৱা অসম গৃহৰক্ষী কল্যাণ সমিতি নামৰ সংগঠনটোৰ বিৰুদ্ধে কালি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতি আৰু ধুবুৰী জিলা সমিতিৰ এক যৌথ সভা অনুষ্ঠিত হৈ যায় ৷ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সভাত সন্থাৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি সুদু আলি, উপ সভাপতি হৰি প্ৰসাদ ৰায় আৰু ধুবুৰী জিলা সমিতিৰ সভাপতি মিজানুৰ ৰহমান উপস্থিত আছিল বুলি একে বিবৃতিযোগে সন্থাৰ জিলা সভাপতি আৰু সম্পাদকদ্বয়ে সদৰী কৰে ৷