নলবাৰীঃ চৰকাৰ পৰিবৰ্তন হ’ল যদিও ৰাইজৰ ভাগ্য পৰিবৰ্তন নহ’ল৷ ৰাইজৰ উন্নয়ণৰ পৰিবৰ্তে দীনদয়াল উপাধ্যায়ৰ নামত বিদ্যালয় স্থাপন, হিন্দু বাংলাদেশী সংস্থাপন আদিক লৈ ব্যস্ত হৈ আছে চৰকাৰ ৰাজ্য চৰকাৰ খন৷

জকাইচুকৰ সাধাৰণ লোকৰ সমস্যা সমাধানৰ পৰিবৰ্তে অনাহক বিতৰ্কত ৰাজ্য চৰকাৰ খন ব্যস্ত হৈ পৰিছে৷ কৃষক-ছাত্ৰ, গৃহিনী, দৰিদ্ৰৰ কথা নাভাবি বেপৰুৱা কিছু কথাক লৈ ব্যস্ত হৈ পৰিছে চৰকাৰ খন৷

বিশেষকৈ কৃষকৰ সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে চৰকাৰৰ বিৰুদ্ধে৷ শেহতীয়াকৈ চৰ্চালৈ আহিছে নলবাৰী জিলাৰ এখন পশু চিকিৎসালয়৷ দুৱাৰ-খিৰিকী নথকা চিকিৎসালয় খন দেখিলে লাজ লাগে৷ পকী বেৰ কেইখনত যেন এযুগ অৱহেলা স্পষ্ট৷ দুৱাৰ নাই, নাই খিৰিকি৷

এইমাত্ৰ ভাগি পৰিব যেন লগা চাদ খন যেন ঘৰটো পুৰনি হোৱাৰ ঐতিহ্যৰ নিচান উৰুৱাই আছে৷ সাহিত্যৰ ভাষাৰে কবলৈ গ’লে ঘৰটো দুৰৰ পৰা দেখি এনে অনুভৱ হয় যেন এই ঘৰ কোনো যুদ্ধৰ আখৰাত বুকু পাতি থিয় হোৱা এজন বৃদ্ধ সেনা৷

বাহিৰত গজি উঠা বন-লতাবোৰ একাকিত্বৰ চানেকি৷ যেন নৈসৰ্গৰ অনুভৱত জয়াল ভ্ৰান্তি৷ এয়া কোনো গল্পকাৰৰ গল্পৰ বৰ্ণনা নহয়৷ এয়া এখন বাস্তৱ ছবি৷ অসম চৰকাৰৰ পশুপালন বিভাগৰ এখন পশু চিকিৎসালয়ৰ পৰিৱেশ এয়া৷

পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ মাজতে এটা চৰকাৰী বিভাগৰ উন্নয়নৰ ফোপোলা ৰূপ এয়া৷ চৰকাৰী পক্ষৰ চৰম অৱহেলা দূৰ্নীতি আৰু ভ্ৰষ্টাচাৰিতাৰ নিদৰ্শন কঢ়িয়াই নলবাৰী জিলাৰ নন্দগাঁৱত এনেদৰেই চলি আছে অসম চৰকাৰৰ পশুপালন বিভাগৰ এখন পশু চিকিৎসালয়৷ এটা জৰাজীৰ্ণ ঘৰত চলে পশু চিকিৎসা৷

বিগত এটা দশকতকৈও অধিক কাল ভগ্নপ্ৰায় অৱস্থাৰ এই চিকিৎসা কেন্দ্ৰটোত কেইগৰাকীমান চিকিৎসা কৰ্মীয়ে অঞ্চলটোৰ গৰু, ছাগলী আদি পশুধন সমূহৰ চিকিৎসা কৰি আহিছে৷ কৃষি প্ৰধান অঞ্চলটোত পশুধন জীৱিকাৰ সম্বল৷ কিন্তু নন্দগাঁৱৰ এই পশু চিকিৎসালয় খনত নাই কোনো উন্নত প্ৰযুক্তি৷

আনকি চিকিৎসক বহিবলৈকো এখন ভাল চকী নথকা চিকিৎসা কেন্দ্ৰটোত নাই বিজুলী আৰু খোৱা পানীৰ ব্যৱস্থা৷ চৰকাৰৰ পশুপালন বিভাগৰ ভেকোঁ-ভাওনাত পৰিনত হোৱা চিকিৎসালয় খনৰ পৰিৱেশে মন্ত্ৰী অতুল বৰাৰ বিভাগটোৰ সচা প্ৰতিচ্ছবি খন উদঙাই দিয়ে৷

বন-লতাৰে অৰণ্য সদৃশ হৈ পৰা চিকিৎসালয় খনৰ বাহিৰৰ পৰিৱেশত ৰাতিটো বাদেই দিনতেই সাপ বেঙৰ লীলা চলে৷ নলবাৰী চহৰৰ সমীপৰ নলবাৰী বিধান সভা সমষ্টিৰ নন্দগাঁৱত থকা চিকিৎসালয় খন কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনকালত উন্নয়ণৰ বাবে কোনো আঁচনি নোলোৱাৰ লগতে অগপ, বিজেপি, বিপিএফ মিত্ৰজোটৰ চৰকাৰেও আজিলৈ উন্নয়ণৰ বাবে কোনো আঁচনি হাতত লোৱা পৰিলক্ষিত হোৱা নাই৷

একমাত্ৰ কৰ্মৰ খাতিৰত কেইজনমান চিকিৎসা কৰ্মীয়ে দুৱাৰ খিৰিকি নথকা ভগা ঘৰটোত অঞ্চলটোৰ পশু সমূহৰ চিকিৎসা চলায় গৈছে৷ জৰাজীৰ্ণ ঘৰটো হঠাৎ ভাগি পৰাৰ আশংকাই চিকিৎসক কৰ্মচাৰী সকলক শংকিত কৰি ৰাখে৷

বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে বহুবাৰ অৱগত কৰোৱাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যই অঞ্চলটোৰ গঞা ৰাইজ আৰু চিকিৎসক কৰ্মচাৰী সকলক ক্ষোভিত কৰি তুলিছে৷ বছৰ বছৰ ধৰি এনেদৰে চৰকাৰী অনুষ্ঠানটো ভূত বাংলালৈ পৰ্যবসিত হোৱাৰ পাছত জহি খহি যোৱা বিধবস্ত চিকিৎসালয়খনৰ উন্নয়নলৈ বাট চাই আছে অঞ্চল বাসীয়ে৷