12
Dec
2018

গুৱাহাটীঃ ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক সংসদে উচ্চতৰ মাধ্যমিক পৰীক্ষা কিছু আগতীয়াকৈ অনুষ্ঠিত কৰিব।
সেই অনুসৰি ২০১৯ বৰ্ষৰ ১১ জানুৱাৰীৰপৰা ব্যৱহাৰিক (প্ৰেকটিকেল) পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি অসম উচ্চতৰ মাধ্যমিক সংসদৰ সচিব কমল গগৈয়ে জানিবলৈ দিছে৷ উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাসমূহ ১২ ফ্ৰেব্ৰুৱাৰীৰপৰা অনুষ্ঠিত কৰা হ’ব৷
আনহাতে, পৰীক্ষাৰ শেষ হোৱাৰ পাছত কম সময়ৰ ভিতৰতে ফলাফল ঘোষণা কৰা হ’ব বুলিও তেওঁ জনায়৷ ‘আগতীয়াকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত হ’লে সোনকালে ফলাফল লাভ কৰিলে উত্তীৰ্ণ শিক্ষাৰ্থীসকলে নিজ ইচ্ছা অনুযায়ী উচ্চ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ যথেষ্ট সময় পাব’ বুলি তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷