15
May
2019

গুৱাহাটীঃ গুৱাহাটীৰ জু-ৰোডৰ চেন্ট্রেল মলৰ সন্মুখত বুধবাৰে বিয়লি এক গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়।
এই বিস্ফোৰণত প্ৰায় ৮ জন লোক আহত হয়। ইয়াৰে দুজনৰ অৱস্থা অতি সংকটজনক।
আৰক্ষীলৈ লক্ষ্য কৰি আলফাই গ্ৰেণেড নিক্ষেপ কৰে। আৰক্ষীৰ তালাচী চলি থকাৰ সময়তে এনেদৰে গ্ৰেণেড নিক্ষেপ কৰে নিষিদ্ধ সংগঠনটোৱে।
এই বিস্ফোৰণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ বিস্ফোৰণত জড়িত থকা ব্যক্তিক শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহাৰ নিৰ্দেশ দিছে আৰক্ষী সঞ্চালকপ্ৰধানক।
উল্লেখ্য যে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। পেট্ৰ'লিঙৰ দয়িত্ব থকা CRPFৰ জোৱানলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল গ্ৰেনেডটো।