ডিজিটেল ৰিপ'ৰ্টঃ দৰিদ্ৰতা কেতিয়াও সফলতাত বাধা হ’ব নোৱাৰে। তাৰে এক নিদৰ্শন নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰ ৰাজাবাবু শইকীয়া। প্ৰৱল ইচ্ছাশক্তি আৰু অধ্যৱসায়ে উত্তৰ লখিমপুৰৰ ৰাজাবাবুক দেখুৱাইছে সফলতাৰ বাট।

সোমবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিজ্ঞান শাখাত শীৰ্ষ স্থান দখল কৰা ৰামানুজনৰ ছাত্ৰ ৰাজাবাবুৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে বিদ্যালয় কৰ্তৃপক্ষই বহন কৰিছিল তেওঁৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব। বিদ্যালয়খনৰ এই পদক্ষেপৰ বাবে ধন্যবাদ জনাই ৰাজাবাবুয়ে কয়- 'বিদ্যালয় কৰ্তৃপক্ষৰ সহায়-সহযোগিতা অবিহনে এয়া সম্ভৱ নহ’লহেতেন’।

মুঠ ৪৮২ নম্বৰ লাভ কৰা ৰাজাবাবুৱে টেষ্ট পৰীক্ষাৰ আগতে দৈনিক ১৪-১৫ ঘণ্টাকৈ অধ্যয়ন কৰিছিল। টেষ্টৰ পিছৰ সময়ছোৱাত ১৬ ঘণ্টা পৰ্যন্ত পঢ়াত মনোনিৱেশ কৰিছিল মেধাৱী ছাত্ৰজনে৷ 'কেৱল কষ্ট কৰিলেই নহ’ব, তাৰ সমানে-সমানে আমাক জ্ঞান দিয়া শিক্ষকসকলৰ প্ৰতি শ্ৰদ্ধাও থাকিব লাগিব৷ তদুপৰি ওচৰ-চুবুৰীয়াক ভাল পাবলৈকো শিকিব লাগিব৷ তেতিয়া সফলতা নিশ্চিত।’- সাংবাদিকৰ আগত এইদৰে কয় উৎফুল্লিত ৰাজাবাবুৱে। 

‘খবৰটো পাই ভাল লাগিছে’- বাণিজ্য শাখাত শীৰ্ষস্থান দখল কৰি উৎফুল্লিত হৈ পৰা প্ৰশান্ত গোৱেলৰ সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এয়া প্রথম প্ৰতিক্ৰিয়া৷ গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজৰ মান ৰখা গোৱেলে মন গ’লেই পঢ়িছিল৷ ৪৭১ নম্বৰ লাভ কৰা গোৱেলে পঢ়াৰ বাবে কোনো নিৰ্দিষ্ট ৰুটিন অনুসৰণ কৰা নাছিল৷ প্ৰশাসনিক বিষয়া হোৱাৰ মন গোৱেলৰ৷ 

ইফালে কলা শাখাত শীৰ্ষ স্থান দখলেৰে বৰপেটা জিলাৰ নাম উজলোৱা অলকা দাসে কষ্ট আৰু অধ্যৱসায়কে সৰোগত কৰি আগবাঢ়িছিল৷ ‘কষ্ট কৰিলে ফল পাবই৷ শিক্ষাগুৰুৰ পৰামৰ্শই মোক সফলতাৰ দিশত লৈ যোৱাত সহায় কৰিছে৷’- উৎসাহিত অলকাই কয়৷ বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ছাত্ৰী অলকাই আশ্ৰমত শ্ৰমদান কৰা সময়ৰ বাদে আন সময়ত অধ্যয়নতে মনোনিৱেশ কৰিছিল বুলি জনায়৷