newsnextine.com | বৰপেটাঃ ৰাজ্যৰ আন আন জিলাৰ দৰেই সত্ৰ নগৰী ঐতিহ্যমণ্ডিত বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনে চাৰিগৰাকী মেধাই৷ প্ৰতিবছৰৰ দৰেই এইবেলিও চাৰিগৰাকী বৰপেটীয়া ছাত্ৰ-ছাত্ৰীয়ে পুনৰ উজলাই তুলিলে জিলাখনক৷ 

সাধনা আৰু অত্যাধিক পৰিশ্ৰমৰ বলত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চুলতান আয়েশা চিদ্দিকা, অবিনাশ কলিতা, নিবিৰ ডেকা আৰু শ্যামলিমা পাঠকে জিলা খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়৷

বৰপেটা জিলাৰ চেইণ্ট টেৰেছা ইংলিছ স্কুলৰ পৰা পৰীক্ষাত বহিছিল চুলতান আয়েশা চিদ্দিকাই৷ চুলতান আয়েশা চিদ্দিকাই আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৫৯১ নম্বৰ লাভ কৰে৷ নিতৌ ৫-৬ ঘণ্টা অধ্যয়ন কৰা আয়েশাই৷ জাৰাবাৰীৰ অভিযন্তা আৰমান আহমেদৰ কন্যা আয়েশা।

বৰপেটা জিলাৰ আন এখন আগশাৰীৰ অনুষ্ঠান আনন্দ ৰাম বৰুৱা একাডেমীয়ে এই বেলিও মেট্ৰিকত ভাল কৰিবলৈ সক্ষম হৈছে৷ আনন্দ ৰাম বৰুৱা একাডেমীৰ দুই ছাত্ৰই প্ৰথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰে৷ আনন্দ ৰাম বৰুৱা একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা অবিনাশ কলিতাই ৰাজ্য খনৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়৷ অবিনাশে আটাইকেইটা বিষয়ত লেটাৰ সহ ৫৯২ নম্বৰ লাভ কৰি এই স্থান দখল কৰে৷ মেধা ছাত্ৰগৰাকী ক্ৰীড়াৰ প্ৰতিও আগ্ৰহী৷

বৰপেটা জিলাৰ আনন্দৰাম বৰুৱা একাডেমীৰ নিবিৰ ডেকাই ৰাজ্যৰ ভিতৰতে পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়৷ সমূহ বিষয়ত লেটাৰ মাৰ্ক সহ ৫৮৯ লাভ কৰে নিবিৰ ডেকাই৷ নিতৌ ৫-৬ ঘণ্টা পঢ়া-শুনা কৰা নিবিৰ ডেকাই তেওঁৰ এই ফলাফলৰ বাবে পিতৃ-মাতৃ, শিক্ষকক কৃতিত্ব দিব খোজে৷

আনহাতে বৰপেটা জিলাৰ চেইণ্ট টেৰেছা হাইস্কুলৰ শ্যামলিমা পাঠকে ৫৮৫ নম্বৰ লাভ কৰি নৱম স্থাল লাভ কৰে৷ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক সহ শ্যামলিমা পাঠকে নৱম স্থান দখল কৰে৷