
তেজপুৰঃ ‘‘অসম বিধান সভাত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু হিতেশ্বৰ শইকীয়াৰ দিনত ২২হেজাৰ কোটি টকীয়া অনিয়মৰ কথা মই ৰাজহুৱা হিচাপ কমিটীৰ সভাপতি হৈ থকাৰ কালৰ পোহৰলৈ আহিছিল৷ মই বিভিন্ন অফাৰ পোৱাৰ পাছতো সেইবোৰ গ্ৰহণ নকৰাৰ বাবে বিহপুৰীয়াৰ ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈ চাৰিবাৰকৈ নিৰ্দলীয় বিধায়ক পাতিলে।’’ এই মন্তব্য অসমৰ প্ৰবীণ ৰাজনীতিবিদ, প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰাৰ ।
জামুগুৰি বাপুজী ভৱনত অনুষ্ঠিত এক গাম্ভীয্পূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি কোনো দলৰ ওপৰত কোনো আস্থা নথকাৰ বাবেই বিহপুৰীয়া সমষ্টিৰপৰা নিৰ্দলীয় হৈ বিধান সভালৈ যোৱা বুলি কৈ সকলো দলক সমলোচনা কৰি কংগ্ৰেছ দল এতিয়া গান্ধীবাদীৰ দল হৈ থকা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে৷
কংগ্ৰেছত এতিয়া গান্ধীবাদী নাই। এতিয়া পইচাবাদহে চলে। মিথ্যাচাৰ আৰু ভ্ৰষ্টাচাৰ এতিয়া ৰাজনৈতিক নেতা সকলৰ সৰ্বশ্ৰেষ্ঠ মূলমন্ত্ৰ বুলি জননেতাজনে নিজৰ মত প্ৰকাশ কৰে ৰাজহুৱাভাৱে৷