কাকপথাৰঃ উজনিৰ তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা আজিও অব্যাহত আছে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে আলফাৰ এই কাণ্ডক কোনেও সহজে লব খোজা নাই ৰাজ্যবাসীয়ে৷

আছুৰ কাকপথাৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি কৰুণ মহন্তৰ লগতে তেওঁৰ পিতৃ বিজেপিৰ নেতা তথা সমাজ সেৱক অন্তেশ্বৰ মহন্তক গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত তৃতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ আছে তিনিচুকীয়া জিলা৷ বুধবাৰে তিনিচুকীয়া জিলা বন্ধ সৰ্বাত্মক ভাৱে পালন কৰাৰ পিছত বৃহস্পতিবাৰে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এই ঘটনাৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসুচী পালন কৰি আলফা(স্বা)ক প্ৰত্যাহ্বান জনায়৷

দিনৰ ১২ বজাত কাকপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা আৰম্ভ হোৱা কাৰ্যসুচীত আছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক দিপাংকৰ সোণোৱালৰ লগতে জিলা ছাত্ৰ সন্থাৰ সভাপতি বিনয় ডুবে, সম্পাদক সমৰজ্যোতি গোহাঁই, মৰাণ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰতাপ মৰাণ, যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ উপস্থিত থাকে৷

প্ৰায় পাঁচ শতাধিক আছুৰ সদস্যৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে কাৰ্যসুচীত৷ সংগঠন কেইটাই পৰিয়ালক এক কোটি ক্ষতিপুৰণৰ দিয়াৰ লগতে পৰিয়ালৰ লোকক সংস্থাপন দিয়াৰ দাবী জনায়। কৰুণ মহন্ত আৰু পিতৃ অন্তেশ্বৰ মহন্তক প্ৰশাসনৰ হৈ চোৰাংচোৰাত লিপ্ত হৈছিল সেয়া প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায় প্ৰতিবাদকাৰীসকলে আলফাক৷

আলফা(স্বা)ৰ প্ৰচাৰ সচিব অৰুণোদয় অসমে একবিবৃতি যোগে অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তই আৰক্ষী প্ৰশাসনৰ হৈ চোৰাংচোৰা কৰাৰ লগতে তেনে কামত জড়িত নহবৰ বাবে তিনিবাৰকৈ আলফা(স্বা)ৰ সদস্যই পিতা-পুত্ৰক অনুৰোধ জনোৱাৰ পিছতো চোৰাংচোৰা কৰি থকাৰ লগতে আলফা(স্বা) ৰ সদস্যৰ ঘৰত আত্মসৰ্মপণ কৰিবৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত হত্যাৰ কৰাৰ কথা স্বীকাৰ কৰিছিল৷