লখিমপুৰঃ বিশ্বৰ বিভিন্ন প্ৰন্তৰ লগতে অসমতো বিভিন্ন দল-সংগঠনে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস পালন কৰে৷ ৰাজ্যত মানুহৰ অধিকাৰৰ হৈ সততে সক্ৰিয় ভূমিকা পালন কৰি অহা মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে লখিমপুৰ জিলাত মানৱ অধিকাৰ দিৱস পালন কৰে৷ বিশ্বৰ নিপীড়িত, অসহায়, দৰিদ্ৰ, শ্ৰমিকৰ কথা আলোচনাৰ বাবে মানৱ অধিকাৰ দিৱস পালন কৰি আহিছে বিশ্বই৷

চৰকাৰৰ জন বিৰোধি নীতি, শিশু, মহিলাৰ ন্যায়ৰ হকে যুজ দিয়াৰ লগতে জীৱন সম্পত্তিৰ সুৰক্ষা বাবে কাম কৰি যোৱাৰ একাংশ লোকে এই দিনটোতে সংকল্প লয়৷ চৰকাৰী যন্ত্ৰ অত্যাচাৰৰ সন্মুখীন হৈ অহা লোকসকলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সংকল্প লয়৷ যাৰ বাবেই সমগ্ৰ বিশ্বই ১০ ডিচেম্বৰৰ দিনটোক মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰে৷ লখিমপুৰত দেওবাৰে মাছৰ পতাকা উত্তোলন কৰি মানৱ অধিকাৰ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেশৱ চন্দ্ৰ চহৰীয়াই৷

ৰাজ্যৰ অন্যতম মানৱ অধিকাৰ কৰ্মী জ্যেষ্ঠ সাংবাদিক প্ৰয়াত পৰাগ দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাজু সিংহই৷ গনেশ গোস্বামীয়ে শ্বহীদ দিৱস পালন কৰাৰ পিছতে মাছৰ উপদেষ্টা বুবুমণি গোস্বামীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত অগপ নেতা তথা প্ৰাক্তন মাছৰ নেতা লাচিত বৰদলৈ, সমাজকৰ্মী তথা নিউজ নেক্সট ওৱানৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰী, সাংবাদিক ৰয়েল পেগু, ছাত্ৰ নেতা সৌৰভ দাস, দিলীপ পেগু নিপেন দাস, ৰূপজ্যোতি দত্ত, যোছেফ মিঞ্জ, সুদীপ্ত হাজৰিকা আদি উপস্থিত থাকে৷ সভাত বছৰ বছৰ ধৰি সমাজৰ ন্যায়ৰ হকে মাত মাতি তথা কাম কৰি অহা, ডাইনী হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিত অৰিহণা যোগোৱা বিৰুৱালা ৰাভাক সম্বৰ্ধনা যাচে মাছে৷

সভাত ভাষণ প্ৰদান কৰি লাচিত বৰদৈলেয়ে ভাৰতবৰ্ষৰ সংবিধানে নাগৰিকসকলক অধিকাৰ প্ৰদান কৰি যদিও সেয়া সাধাৰণ লোকৰ বাবে ব্যৱহাৰ নহয় বুলি কয়৷ মানৱ অধিকাৰসমূহ সকলোৰে বাবে সমান। মানৱ অধিকাৰ অন্যতম হৈছে মৌলিক অধিকাৰ। এই অধিকাৰসমূহ থকাৰ পিছতো মানৱ অধিকাৰ উলংঘন হৈ আহিছে বুল কয় লাচিতে। মানৱ অধিকাৰসমূহ উলংঘনৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কৰিবলগীয়া কাম বহুত আছে বুলিও কয় লাচিতে। লখিমপুৰ জিলাৰ বাসুদেৱ কল্যাণ ট্ৰাষ্ট প্ৰাংগনত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি newsnextone.comৰ পৰিচালন সঞ্চালক আব্দুল আজিজ চৌধুৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ পৰা কোনে দলে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ নকৰে বুলি কয়৷

সেয়া কংগ্ৰেছ হওঁক নাইবা বিজেপিয়ে হওঁক৷ মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ হলে আমি ভাল জন প্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব৷ আমি আৰু কিমান সংগ্ৰাম কৰিম৷ ভাল জনপ্ৰতিনিধি নিৰ্বাচন কৰিব লাগিব বুলি কয় চৌধুৰীয়ে৷ আমচাং অভয়াৰণ্যত ছাত্ৰ-ছাত্ৰীৰ স্কুল ভাঙি দিছে, ঘৰৰ ভিতৰত মানুহ থাকোতেই ঘৰ ভাঙি দিছে৷ ইয়াতকৈ মানৱ অধিকাৰ উলংঘনৰ চূড়ান্ত পৰ্যায় কি থাকিব পাৰে বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে চৌধুৰীয়ে৷