20
Sep
2017

কামপুৰঃ হোজাই জিলাৰ ভেলৌগুৰি গাঁৱৰ এজন শতবৰ্ষ গৰকা বৰ্ষীয়ান ব্যক্তি। অসমৰ বহু ইতিহাসৰ সাক্ষী মনেশ্বৰ বৰা নামৰ ব্যক্তিগৰাকীয়ে মঙলবাৰে শতবৰ্ষত ভৰি দিয়ে। এই উপলক্ষ্যে মঙলবাৰে অসংখ্য লোকৰ উপস্থিতিত মনেশ্বৰ বৰাৰ নিজা বাসগৃহত শতবৰ্ষীয় জন্মদিন পালন কৰা হয়৷
হোজাই জিলাৰ ভেলৌগুৰিৰ নিৱাসী বৃদ্ধ মনেশ্বৰ বৰাই এশ বছৰ গৰকাৰ পাছতো পাহৰি পেলোৱা নাই স্বাধীনতা সংগ্ৰামৰ কথা৷ ১৯১৮ চনতে জন্মগ্ৰহণ কৰা বৃদ্ধগৰাকীয়ে এতিয়াও নিজেই বজাৰ কৰিবলৈ যায়, নিজৰ প্ৰযোজনীয় কামবোৰ নিজেই কৰে৷ সমাজৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত এইগৰাকী বৃদ্ধক বেয়া পোৱা মানুহ হয়তো অঞ্চলটোত কোনো নাই৷
মঙলবৰে মনেশ্বৰ বৰাৰ পৰিয়ালত আযোজন কৰা জন্মদিন অনুষ্ঠানত উপস্থিত থাকি অঞ্চলটোৰ কেইবাজনো শুভচিন্তকে তেওঁৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে৷