23
Dec
2017

NewIndianExpress
ধিংঃ নগাঁও জিলাৰ ধিঙৰ দুই নং কান্ধুলীমাৰীত স্বামীয়ে পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷
জানিব পৰা মতে, চাহজাহান আলি নামৰ লোকজনে পত্নী ৰুমিণা খাতুনক দাৰে ঘপিয়াই হত্যা কৰে৷ চাহজাহান আলিয়ে প্ৰায়ে পত্নী ৰুমিণা খাতুনৰ সৈতে কাজিয়াত লিপ্ত হৈ আহিছিল৷
শনিবাৰেও দুয়োৰে মাজত কাজিলা লাগে যদিও চাহজাহানে হাতত লৈ থকা দাৰে পত্নীক আঘাত কৰে৷ যাৰ ফলত কিছু সময় পিছতে পত্নী ৰুমিণা খাতুনৰ (৩২) মৃত্যু হয়৷ পত্নীক হত্যা কৰি স্বামী চাহজাহানে পলায়ণ কৰে। আনহাতে শহুৰক আটক কৰে ধিং আৰক্ষীয়ে। তিনি সন্তানৰ মাতৃ আছিল ৰুমিণা।