
newsnextone.com | গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো চলিছে পবিত্ৰ ঈদৰ ব্যপক প্ৰস্তুতি৷ এমাহ ৰোজা ৰখাৰ অন্তত ত্যাগ আৰু ঐক্য-সংহতিৰ চানেকি বহন কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল-ফিৎৰ উদযাপনৰ বাবে ব্যপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে৷
ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ লগতে উজনি-নামনি আৰু বৰাক উপত্যকাত ব্যাপক উলাহ-উদ্দীপনা দেখা পোৱা গৈছে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিয়ে ঈদৰ আনন্দ-উৎসাহ ভালেখিনি ম্লান পেলাইছে যদিও ঈদৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰিও ঠায়ে ঠায়ে জাক-জমককৈ তোৰণ আদি স্থাপনেৰে ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰাগত ভাৱে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে পবিত্ৰ ঈদ-উল-ফিৎৰ উদযাপন কৰিছে৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পবিত্ৰ ঈদ-উল-ফিৎৰৰ দুই ৰাকাত ৱাজিব নামাজ আদায় কৰা হয়৷
স্মৰ্তব্য যে, বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ পিছতে যোৱা ১৬ মে’ৰ পৰা ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ কাল ৰোজা পালন কৰা হয়৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত ৰং-ৰহইচ তথা আনন্দ-স্ফুৰ্তিৰে উদযাপন কৰিবলৈ ওলোৱা ঈদ-উল-ফিৎৰৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা সমিতিবোৰে মছজিদ আৰু ঈদগাহসমূহ আটক ধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক উৎসৱমুখৰ মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷
প্রেম আৰু ভাতৃত্ববোধৰ বাৰ্তা লৈ শনিবাৰে পবিত্ৰ ঈদৰ দিনা বিশ্বৰ লাখ লাখ মুছলমান লোকে সমূহীয়া নামাজ কৰি ঈশ্বৰক আৰাধনা কৰা দেখা যায়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে অভয়াপুৰী চহৰৰ ৰৌমাৰী ঈদগাহ ময়দানতো সমূহীয়া নামাজত অঞ্চলটোৰ সহস্ৰাধিক লোকে অংশ লয়৷