03
Jul
2017

ডিজিটেল ডেস্কঃ ট্ৰান্সজেণ্ডাৰসকলক শিক্ষাৰ সম অধিকাৰ প্ৰদান কৰিবলৈ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিলে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে৷ সমাজৰ চকুত প্ৰায়েই অৱহেলিত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে বিশ্ববিদ্যালয়খনত বিনামূলীয়া কৰা হ’ল শিক্ষা৷
দেওবাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ৰবীন্দ্ৰ কুমাৰে এই কথা ঘোষণা কৰে৷ ২জুলাইত বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক উপাচাৰ্য জি ৰাম ৰেড্ডীৰ স্মৃতিত অনুষ্ঠিত এই কথা প্ৰকাশ কৰে বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে৷ উক্ত সিদ্ধান্তৰ জৰিয়তে দেশৰ প্ৰায় ৪হাজাৰ ট্ৰেন্সজেন্ডাৰ উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৷
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা জেএনইউৰ উপাচাৰ্য জগদীশ কুমাৰে কয় যে শিক্ষকসকলে স্টেন্ডাৰ্ড অফ লিভি্ৰ পৰিৱৰ্তে জীৱনৰ গুণগত মান উন্নত কৰাত অধিক গুৰুত্ব দিব লাগে বুলি মত প্ৰকাশ কৰে৷