
বৰপথাৰঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আহিছে বনাঞ্চল ধ্বংসৰ কাৰ্য ৷ প্ৰতিশ্ৰুতিৰ ঢল বোৱাই ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰিছিল অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁট চৰকাৰে৷
বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷ কিয়নো ৰাজ্যত আজিও অব্যাহত থকা চোৰাং কাঠৰ ৰমৰমীয়া বেহাৰ খবৰ প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷
বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন সংৰক্ষণৰ বাবে ন ন ব্যৱস্থা লোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ীয়ে ৰাজ্যত চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা ৷ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ, সৰুপথাৰ, নাওজান, উৰিয়ামঘাট আদি অঞ্চলসমূহত দিনক দিনে বৃদ্ধি পাই আহিছে অবৈধ কাঠফলা মিলৰ ৷
অভিযোগ অনুসৰি, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি কুলদ্বীপ সন্দিকৈয়ে ধনশিৰি মহকুমাৰ বিভিন্ন প্ৰান্তত এটা দুষ্টচক্ৰই দীৰ্ঘদিনৰ পৰা প্ৰায় ১০ টাৰো অধিক অবৈধ কাঠফলা মিল স্থাপন কৰি চোৰাং কাঠৰ ব্যৱসায় চলাই আহিছে বুলি জানিবলৈ দিয়ে ৷ অবৈধভাৱে গঢ়ি উঠা এই কাঠ মিল সমূহে মহকুমাটোৰ দাঁতি কাষৰীয়া বনাঞ্চলসমূহৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে ৷
এনেদৰে অবাধে চলি অহা কাঠফলা মিল সমূহ কেনেদৰে আৰু কাৰ ছত্ৰছায়াত গঢ়ি উঠিছে, তাৰ উচিত বিচাৰ কৰিবলৈ অসম চৰকাৰৰ মাননীয়া বনমন্ত্ৰী গৰাকীৰ দাবী কৰিছে সংগঠনটোৱে ৷ আনহাতে, বনবিভাগৰ নিৰ্লিপ্ততাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সংগঠনটোৱে ৷
প্ৰশ্ন হয়, ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই অহা বনাঞ্চলৰ এনে ধ্বংস-যজ্ঞ ৰোধ কৰিবলৈ সক্ষম হ’বনে অসম চৰকাৰ? বনমন্ত্ৰীয়ে বনজ সম্পদ ৰক্ষাৰ স্বাৰ্থত কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়াহে হ’ব লক্ষণীয় ৷