05
Sep
2018

newsnextone.com।তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ লতিবাৰীত আজি বন বিভাগে এছ এছ বিৰ সহযোগত অভিযান চলাই দুটাকৈ অবৈধ কাঠফলা মিল উচ্ছেদ কৰে। লগতে বহু পৰিমাণৰ মূল্যবান কাঠ জব্দ কৰিবলৈ সক্ষম হয়।
গোপন সূত্ৰৰ পম খেদি আজি দিনৰ ভাগত এছএছবি আৰু বন বিভাগে লাতিবাৰীত অভিযান চলায় আৰু কাঠমিল সহ কাঠ সমূহ জব্দ কৰে। অভিযানৰ খবৰ আগতীয়াকৈ লাভ কৰি এটা মিলৰ কিছু অংশ মিলৰ মালিকে লৈ উধাও হয় যদিও আন এটা মিল সম্পূৰ্ণ ৰূপে জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে।
মাজে সময়ে বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও অঞ্চলটোত বন্ধ হোৱা নাই কাঠফলা মিলসমূহ। অৱশ্যে এই ক্ষেত্ৰত বন বিভাগে অধিক কঠোৰ হোৱা দেখা গৈছে।