
দিচাংমুখঃ বৰবিহৰ প্ৰেমত পৰিছে ৰাজ্যৰ যুৱ প্ৰজন্ম৷ একাংশ যুৱকে আন এখন পৃথিৱীত বসবাস কৰাৰ সোৱাদ লভাৰ মোহত প্ৰেমত পৰিছে গাঞ্জাৰ প্ৰেমত৷ উজনিৰ পৰা নামনিলে একাংশ যুৱক এতিয়া গাঞ্জা বাবাৰ প্ৰেমত৷ শিৱ বাবাৰ প্ৰসাদ ৰূপে গ্ৰহণ কৰে বৰবিহ সদৃশ গাঞ্জা৷
ৰাজ্যত একাংশ লোকে প্ৰতিদিনে কোটি কোটি টকাৰ ব্যৱসায় কৰি যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷ বৰ্তমান যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা এটা সংস্কৃতি হৈছে গাঞ্জা সংস্কৃতি৷ ভোলানাথৰ আশীৰ্বাদ হিচাপেই হওঁক বা ধোঁৱাৰ মাজত উৰি ফুৰাৰ মাদকতাতে হওঁক, মুঠতে নেদেখা এখন কল্পনাৰ পৃথিৱিত উটি ভাহি ঈশ্বৰ প্ৰাপ্তিৰ সপোন দেখে হাজাৰ হাজাৰ যৱকে৷
নতুন প্ৰজন্মৰ একাশংই এতিয়া পকেটত লৈ নুফুৰে চুইংগাম অথবা লজেন্স৷ পকেট খেপিয়ালেই এতিয়া পোৱা যায় গাঞ্জাৰ পুৰীয়া৷ যুৱ প্ৰজন্মৰ এনে নিকৃষ্ট মানসিকাৰ বাবে এচাম সুবিধাবাদী ব্যৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা৷ যুৱ প্ৰজন্মৰ মানসিকতাৰ সুযোগ লৈ শিৱসাগৰ জিলাৰ ৰাষ্ট্রীয় ঘাই পথৰ দাঁতিতো গা কৰি উঠিছে গাঞ্জাৰ ব্যৱসায়।
ডেকা উপাধিৰ এজন ব্যৱসায়ীয়ে নিজৰ ঘৰত গাঞ্জা বিক্ৰী কৰাৰ লগতে ঘৰৰ পাছফালে গাঞ্জা খোৱাৰ কেবিন বনাই গাঞ্জাৰ ৰমৰমীয়া বেহা চলাই আছে৷ দূৰ দূৰণিৰ বহু যুৱকে কেবিনলৈ আহি পুৱা গধূলি ভাঙৰ আড্ডাত বহে৷ ইতিমধ্যে কেইবাবাৰো স্থানীয় সচেতন লোকসকলে শিৱসাগৰ আৰক্ষীক অভিযোগ কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাত আৰক্ষীয়েও অবৈধ ব্যৱসায়ী জনৰ পৰা কিবা কমিচন পায় বুলি সচেতন ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷
আনফালে মদ ভাং আদিৰ দৰে নিচাৰ ৰাগিত যুৱ প্ৰজন্মক মাতাল কৰি ধ্বংসৰ পথলৈ ঠেলি দিয়া ব্যৱসায়ী জনৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ সচেতন ৰাইজে আৰক্ষীক দাবী জনায়৷ শিৱসাগৰৰ পলখনি অঞ্চলতো নিচা জাতিয় দ্ৰব্যৰ ব্যৱসায় চলাই আহিছে৷ শিৱসাগৰৰ পৰা আখৈফুটীয়াৰ পথৰ দাতিত এই আড্ডা চলি থকা বুলি জানিব পৰা গৈছে৷