20
Aug
2017

গোলককঞ্জঃ ৰাজ্যত সংঘটিত ভয়াবহ বানৰ সুযোগ লৈ ঠায়ে ঠায়ে চলিছে অবৈধ চোৰাং ব্যৱসায়৷ বিশেষকৈ বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ নদী পথেৰে চোৰাং গৰু চালান কৰাৰ ঘটনা বহুবাৰ পোহৰলৈ আহিছে৷
শেহতীয়া ভাবে শনিবাৰে বাঢ়নী পানীৰ মাজতে ধুবুৰী জিলাৰ নদী পথেৰে বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ অনা ১৫ টা চোৰাং গৰু ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে৷
বহিঃৰাজ্যৰ পৰা অসম অভিমুখে আহি থকা অবস্থাত ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰায় আৰু সহকাৰী উপ-পৰিদৰ্শক বজৰুল হকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ছাগলীয়াৰ ভাই বজাৰৰ পৰা চোৰাং গৰুকেইটা জব্দ কৰে বুলি জানিব পৰা গৈছে।