- খিলঞ্জীয়াৰ কৃষিভূমি বেদখল কৰি কৃষকক ভাবুকি
- আৰক্ষী প্ৰশাসন নিৰ্বিকাৰ
- গৰজি উঠিছে বিভিন্ন দল-সংগঠন

মৰিগাওঁঃ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা সৰ্বানন্দ সোনোৱাল চৰকাৰৰ কাৰ্যকালত সন্দেহজনক বিদেশীৰ আত্ংকত বিনীদ্ৰ ৰজনী কটাবলৈ বাধ্য হৈছে খিলঞ্জীয়া জনসাধাৰণ।খেতি চপোৱাৰ বতৰত থলুৱা কৃষকৰ কৃষিভূমি বেদখল কৰি খেতি নষ্ট কৰাৰ লগতে কৃষকক প্ৰাণে মৰাৰ ভাবুকি দিছে সন্দেহজনক বাংলাদেশীয়ে ।
এই ভয়ানক ঘটনা স্ংঘটিত হৈছে ৰাজ্যৰ ৰাজধানীৰ দাতিকাষৰীয়া জিলা মৰিগাৱত। ঘটনাক কেন্দ্ৰ কৰি শেহতীয়াকৈ সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্যমতে, জিলাখনৰ জাগীৰোড থানাৰ অন্তৰ্গত গোভা মৌজাত সন্দেহজনক লোকে পূৰ্বৰে পৰা থলুৱা লোকৰ কৃষিভূমিত তাণ্ডৱ চলাই আহিছে। শেহতীয়কৈ কনাবড়ী গাৱৰ আনন্দ ৰাম দেউৰী নামৰ লোকজনৰ কুইয়াদল কিচামৰ কেইবা বিঘা কৃষিভূমিত প্ৰৱেশ কৰি এদল সন্দেহজনক বিদেশীয়ে গৰু লগাই খেতি বিনষ্ট কৰে। ইয়াৰ লগতে উক্ত কৃষিত নিয়োজিত কৃষককো প্ৰানে মৰাৰ ভাবুকি দিয়ে সন্দেহজনক বিদেশীৰ দলটোৱে।
ইয়াৰ পিছতে আনন্দ ৰাম দেউৰীয়ে জাগীৰোড থানাত ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে। কিন্তু ৰহস্যজনক কাৰণত আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উথাপিত হৈছে। আৰক্ষীৰ এনে ভূমিকাৰ বাবে আতংকত দিন কটাবলৈ বাধ্য হৈছে স্থানীয় থলুৱা জনসাধাৰণ। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।মৰিগাওঁ জিলা কৃষক মুক্তি স্ংগ্ৰাম সমিতিয়ে আজি মৰিগাওঁ আৰক্ষী অধীক্ষকক এখন দাবী-পত্ৰ প্ৰদান কৰি ঘটনাটোৰ সন্দৰ্ভত ক্ষিপ্ৰ ব্যৱস্থা ন’ললে তীব্ৰ গণ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে।লগতে অন্যান্য বিভিন্ন দল-স্ংগঠনে এই সন্দৰ্ভত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে।
মৃদু কাশ্যপ,মৰিগাঁও