22
Sep
2017

তুলসীবাৰীঃ ৰঙিয়া মহকুমা প্ৰশাসনে বৃহস্পতিবাৰে নিশা গোপন সুত্ৰৰ পম খেদি তুলসীবাৰীৰ পৰা ৫৮ কাৰ্টন অবৈধ ফটকা জব্দ কৰে৷ ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে তুলসীবাৰীৰ এটা ভাড়াঘৰৰ পৰা ৰঙিয়াৰ গকুল দাস নামৰ ব্যবসায়ী এজনে অবৈধ ভাবে মজুত ৰখা বৃহত পৰিমাণৰ ফটকা খিনি জব্দ কৰে৷
আনহাতে উক্ত স্থানতে সংলগ্ন অইন এটা ভাৰাঘৰৰ পৰা চুলাই মদৰ টোপোলাও উদ্ধাৰ কৰে দলটোৱে৷ পেছাত কুকুৰা মাংস ব্যবসায়ী সুত্ৰ দাস নামৰ লোকজনক উক্ত ব্যবসায়ত জড়িত থকা অপৰাধত আটক কৰা হয়৷ দীৰ্ঘদিন ধৰি মাংসৰ লগতে চুলাই মদৰো ব্যবসায় কৰি অহাৰ অভিযোগত অভিযুক্ত ধৃত সূত্ৰ দাসৰ ঘৰ তামুলপুৰৰ ঘগ্ৰা চকত বুলি প্ৰকাশ৷