newsnextone.com | গৰৈমাৰীঃ শিক্ষাই যিমানে অনগ্ৰসৰতাক পিছ পেলাই আধুনিকতাৰ সতে খোজ মিলাবলৈ মানুহক সক্ষম কৰি তুলিছে, সিমানে যেন বৃদ্ধিও পাইছে অসামাজিক কাৰ্যকলাপ৷ হত্যা-ধৰ্ষণ-লুন্ঠন আদি ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে৷ তদুপৰি মদ-ভাং আদি নিচাযুক্ত মাদক দ্ৰব্যইও মানুহক লাহে লাহে বিপথে পৰিচালিত কৰা পৰিলক্ষিত হৈছে৷

গাঁৱে ভূঞে আজিকালি সহজলক্ষ্য হৈ পৰা নিচাযুক্ত সামগ্ৰীৰ অবাধ বেহাই যুৱ প্ৰজন্মৰ মনৰ পৰা কৰ্মস্পৃহা নহোৱা কৰি অসামজিক কাৰ্যত লিপ্ত হ’বলৈ উদগনি জগাইছে৷ যাৰ ফলত দিনৰ দিনটো মদ-ভাঙৰ নিচাত ডুবি থাকি যুৱ প্ৰজন্মৰ বহু যুৱকে নিজকে বিপথে পৰিচালিত কৰিছে৷

ইফালে গ্ৰামাঞ্চল সমূহত দেখা দিয়া এটা নতুন ৰোগ হৈছে তীৰ খেল৷ সহজতে ধনী হোৱাৰ উপায় অৱলম্বন দেখুৱাই ৰাজ্যৰ বিভিন্ন অঞ্চলত তীৰ খেলে বৃহৎ বজাৰ অধিকাৰ কৰা পৰিলক্ষিত হৈছে৷ যুৱ প্ৰজন্মৰ লগতে গৃহিনী, বৃদ্ধ, কিশোৰ সকলোকে এই খেলৰ প্ৰতি আকৃষ্ট কৰি একাংশই তীৰ খেলৰ ৰমৰমীয়া বেহা চলাই নিয়া দেখিবলৈ পোৱা গৈছে৷ ইফালে তীৰ খেলত মাটি-ভেটি পৰ্যন্ত উচন কৰি সৰ্বশ্ৰান্ত হৈছে সাধাৰণ লোক সকল৷

দক্ষিণ কামৰূপৰ ছয়গাঁও গৰৈমাৰীত দীৰ্ঘদিনৰ পৰা অব্যহত আছে অসামাজিক কাৰ্য্যকলাপ৷ বিশেষকৈ তীৰ-মদ-জুৱাই গৰৈমাৰী অঞ্চলত নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰাৰ কৰাৰ লগতে সমগ্ৰ গৰৈমাৰী অঞ্চলক ধ্বংসৰ মুখলৈ থেলি দিয়া বুলি একাংশ সমাজসচেতন লোকে অভিযোগ উত্থাপন কৰিছে৷ 

জানিব পৰা মতে, বিগত কেইবাদিন ধৰি গৰৈমাৰীৰ মাছ বজাৰ, দুৰ্গা মন্দিৰৰ সমীপত আৰু সাপ্তাহিক হৰু বজাৰত চলি থকা অবৈধ তীৰ খেলে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতো কু প্ৰভাৱ পেলাইছে৷ আনহাতে প্ৰশাসনৰ চকুত ধূলি দি অবাধ ভাৱে চলি থকা তীৰ খেল বোৰে অতীষ্ঠ কৰি তুলিছে অঞ্চলটোক সচেতন মহলক৷

ইফালে গৰৈমাৰী অঞ্চলৰ চৌতাৰা, জোৰশিমুলী, হাহঁচৰী, ভলুকাবাড়ী, কানহাৰা, হাতীপাৰা, চাম্পুপাৰা আদি সৰু বৰ বজাৰ সমুহতো অবৈধ তীৰ-জুৱাৰ বেহা চলি থকা বুলি অঞ্চলবাসীয়ে অভিযোগ উত্থাপন কৰিছে৷ আৰক্ষী-প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবেই অঞ্চলসমূহত এনেদৰে তীৰ-জুৱাই শিপা মেলিব পাৰিছে বুলিও সচেতন মহলে অভিযোগ কৰিছে৷

আনফালে অঞ্চলটোত অবাধে চলি থকা তীৰ-জুৱাৰ খেলসমূহৰ ঘাটি উচ্চেদ কৰিবলৈ সামাজিক সংগঠন মিত্ৰ সমাজে গৰৈমাৰী আকক্ষা চকীত আবেদন জনাইছে৷ আৰক্ষীয়ে অঞ্চলৰ বাতাবৰণ শান্তিপূৰ্ণ কৰি ৰখাৰ স্বাৰ্থত অবৈধ বেহা সমূহ উচ্চেদ কৰিব বুলি সামাজিক সংগঠনটোৰ লগতে অঞ্চলবাসীয়ে আশা প্ৰকাশ কৰিছে৷