
লংকাঃ দুৰ্গাপূজাত যাতে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি নঘটে তাৰ বাবে অধিক তৎপৰ হৈ পৰিছে লংকা আৰক্ষী৷ যোৱা দুটা দিন ধৰি লংকা আৰক্ষীয়ে লংকাৰ বিভিন্ন অঞ্চলত চলাই গৈছে সুৰাবিৰোধী অভিযান৷
তাৰ মাজতে মঙলবাৰে নিশা প্ৰায় ৯ বজাত লংকা আৰক্ষীয়ে অতৰ্কিতে এক অভিযান চলাই বিভিন্ন ঠাইৰ পৰা বৃহত পৰিমাণৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷ জব্দ কৰা সুৰাখিনিৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা বুলি জানিব পৰা গৈছে৷
উল্লেখ্য যে, পূজাৰ প্ৰাকক্ষণত আৰক্ষীৰ এনে সুৰাবিৰোধী অভিযানক প্ৰংশসা কৰিছে সচেতন মহলে।