তেজপুৰঃ আজি শোনিতপুৰ জিলাৰ বালিপাৰাৰ লখৰাত অাবকাৰী বিভাগে অতৰ্কিতে এক অভিযান চলায়৷  আবকাৰী বিভাগৰ অভিযানকাৰী দলটোৱে অভিযান চলাই বালিপৰাৰ লখৰাৰ এখন ঘৰৰ ভিতৰত গাত খান্দি লুকাই থোৱা অবস্থাত এশ কাৰ্টুনতকৈও অধিক অৰুণাচলী অবৈধ সুৰা জব্দ কৰে।

লগতে আবকাৰী বিভাগে ৰাকেশ মুখীয়া নামৰ এজন অবৈধ সুৰা ব্যবসায়ীকো অাটক কৰে। সুৰাখিনিৰ মুল্য দুইলাখটকাৰো অধিক হ’ব বুলি অাবকাৰী বিভাগে জানিবলৈ দিয়ে।

উল্লেখ্য যে, শোনিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, লখৰা, ৰঙাপৰাৰ বিভিন্ন অঞ্চলত এচাম অসাধু ব্যৱসায়ীয়ে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় কৰি অাহিছে।