
বিহুগুৰিঃ ৰাজ্যৰ একাংশ দল-সংগঠনে সুৰা বিৰোধি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে তেজপুৰ মেডিকেল কলেজৰ সন্মুখতে সুৰাৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈছে৷ কেৱল তেজপুৰ মেডিকেল কলেজৰ সন্মুখতে নহয় শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ আহিছে।
শোণিতপুৰৰ সংস্কৃতিৰ লগতে ৰাজ্যখনলৈ বিভিন্ন দিশত বৰঙনি আগবঢ়োৱা শোণিতপুৰৰ বিশেষ ব্যক্তি সকলৰ জন্মস্থানতো এতিয়া সুৰাৰ ব্যাপক আদ্দা চলাৰ অভিযোগ উত্থাপন হৈছে৷ কেবাগৰাকী বৰেণ্য ব্যক্তিৰ জন্মস্থানৰ লগতে ইতিহাস প্ৰসিদ্ধ হদুপৰা থান, কেতেকেশ্বৰ দেৱালয় আজি ঠাইৰ ওচৰে পাজৰে মদৰ বেহা গঢ়ি উঠিছে বুলি অভিযোগ উত্থাপন হৈছে কেতেকীবাৰীত কিছুদিন পুৰ্বে স্থাপন কৰা এখন ৱাইশ্বপৰ বিৰুদ্ধে৷
আনহাতে তেজপুৰ মেডিকেল কলেজ সমীপতো অবৈধ সুৰাৰ বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈছে। বিভিন্ন সময়ত স্থানীয় লোক তথা দল সংগঠনে অবৈধ সুৰাৰ বন্ধ কৰা দাবী উত্থাপন কৰি আহিছে যদিও প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।