
চাবুৱাঃ বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই বন বিভাগৰ দায়িত্ব লোৱাৰ পিছৰে পৰা তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ব্যাপক ৰূপত বন বিভাগৰ চকুৰ সন্মুখতে অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেপাৰ।তিনিচুকীয়া ডিব্ৰু নৈ আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি দিনে-নিশাই সৰবৰাহ হৈ আহিছে এতিয়া চোৰাং কাঠৰ শ-শ চালি।
অৰুণাচলৰ লগতে বহু অঞ্চলৰ মূল্যৱান গছসমূহ কাটি একাংশ ব্যৱহায়ীয়ে চোৰাং কাঠ সৰবৰাহ কৰি চলাই আহিছে ৰমৰমীয়া ব্যৱসায়।
ইফালে ডিব্ৰু চৌখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন বিভাগৰ চকুৰ সন্মুখেৰেই শ-শ কাঠৰ চালি সৰবৰাহ হৈ আহিছে। কিন্তু এই সকলোবিলাক দেখিও চকু মুদা কুলিৰ ভাওঁ ধৰে তিনিচুকীয়া, ডিব্ৰুগড় বন বিভাগে।
ইফালে এই চোৰাং ব্যৱসায়ীসকলে তিনিচুকীয়া, ডিব্ৰুগড়, চাবুৱা আদি ব্ৰহ্মপুত্ৰৰ পাৰত অবৈধভাৱে গঢ়ি উঠা মিলসমূহত চলাই গৈছে ৰমৰমীয়া ব্যৱসায়।