বালিপৰাঃ ৰাজ্যখনত ক্ৰমান্বয়ে বৃদ্ধি পাইছে চোৰাং কাঠৰ অবৈধ বেহা। ৰাজ্যখনৰ একাংশ চোৰাং কাঠৰ ব্যৱসায়ীয়ে বনাঞ্চলসূহৰ মূল্যবান গছ কাটি তহিলং কৰি আহিছে৷ যাৰ ফলত সংকুচিত হৈ আহিছে বনাঞ্চলসমূহ।

সোমবাৰে নিশা চাৰিদুৱাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয়ৰ বন কৰ্মী সকলে অভিযান চলাই প্ৰায় ৩ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

AS-27C-2228 নম্বৰৰ এখন পাঞ্জাৱবডী ট্ৰাকেৰে অৰুণাচল প্ৰদেশৰ টিপিৰ পৰা অবৈধ ভাৱে তেজপুৰ অভিমুখে আহি থকা অৱস্থাত বন কৰ্মীৰ দলটোৱে বালিপৰাৰ সমীপৱৰ্তী মিট চাপ্লাইৰ পৰা গাড়ীসহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোক দুজন মুন্না প্ৰধান আৰু ৰাজেশ ওৰাং বুলি জানিব পৰা গৈছে।