newsnextone.com শিৱসাগৰঃ শিৱসাগৰ জিলাৰ ডিমৌত সোমবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হয়।

শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত চক্ৰ বিষয়া ইন্দিকা গগৈ, উপ আৰক্ষী অধীক্ষক প্ৰফুল্ল সোনোৱাল, আৱকাৰী পৰিদৰ্শক অৰুপ কুমাৰ ভৰালীৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়।

অভিযানকাৰী দলটোৱে ৬জন সুৰা ব্যৱসায়ীক আটক কৰাৰ লগতে ধাবা আৰু বিপনীসমূহৰ পৰা কেইবা শ লিটাৰ দেশী-বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।