
শিৱসাগৰঃ জাৱৰ দ’মলৈ পৰিণত হৈছে ঐতিহাসিক শিৱদ’লৰ চৌহদৰ একাংশ৷ তথাপি কাণসাৰ নাই দ'ল পৰিচালনা সমিতিৰ। স্বচ্ছ ভাৰত মিছন অভিযানে ঢুকি নপোৱা শিৱসাগৰ জিলাত এতিয়া যেনি চালেও চকুত পৰে জাৱৰৰ দ’ম৷ নগৰখনৰ দক্ষিন দিশে খোৱা পানীৰ টেংকীৰ কাষতো জাৱৰৰ বিশাল দ’ম পৰিলক্ষিত হয়৷
তথাপিও কাণসাৰ নাই দ'ল পৰিচালনা সমিতিৰ। ৠতু অনুসৰি দ'লৰ চৌহদত ফুল ৰুই দ'লৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিব বিচৰা দ'ল কৰ্তৃপক্ষৰ দৃষ্টিতেই নপৰে এই আৱৰ্জনা। মাহৰ পাছত মাহ ধৰি গেলি পচি যোৱা জাৱৰৰ দমটোৰ তলত ভাঙি পৰি আছে বছৰ বছৰ ধৰি দ'লৰ বাউণ্ডাৰি পকি ৱাল। আনহাতে দ'ল পথটিৰ সিপাৰে শিৱসাগৰ ছোৱালী মহাবিদ্যালয়খন অৱস্থিত।
কিন্তু, এই আৱৰ্জনাৰ দুৰ্গন্ধত কলেজৰ ছাত্ৰীসকলে নাক বন্ধ কৰি পাঠ গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মহাবিদ্যালয় খনৰ সমীপতে পৌৰসভাই পেলাই যোৱা জাৱৰৰ দ’মে এতিয়া পাহাৰৰ ৰূপ লৈছে। অপৰিস্কাৰ, অস্বাস্থ্যকৰ এটা পৰিস্থিতি বিৰাজ কৰিছে এতিয়া দ'লৰ চৌপাশে। স্বচ্ছ ভাৰত অভিযানৰ বহু দূৰৰে কথা। এখন মহাবিদ্যালয়ৰ কাষত এনেদৰে জাৱৰ গোটাবলৈ অকনো সংকোচ নকৰে শিৱসাগৰ পৌৰসভাই।
উল্লেখ্য যে, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ কেন্দ্ৰীয় বজাৰ ফালৰ পৰা যাত্ৰা কৰিলে পোৱা প্ৰথমখন গেটৰ সন্মুখতো বছৰ বছৰ ধৰি পৰি আছে আৱৰ্জনা। যাৰ বাবে পথচাৰিকে ধৰি স্থানীয় ব্যৱসায়ী সকলেও বহুতো সমস্যাৰ সন্মুখীন হৈ আহিছে।
লগতে বিদ্যালয়ৰ সন্মুখতে এনে আৱৰ্জনাৰ দমে বিদ্যালয়খনৰো শোভা কম কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলো এক অস্বাস্থ্যকৰ পৰিৱেশৰ নিতৌ সন্মুখীন হৈ আহিছে।