মোৰাঝাৰঃ বুনিয়াদী শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে হোজাই জিলাৰ মোৰাঝাৰৰ কৰৈজাৰত দেওবাৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ উদ্ধোধন কৰা হয়৷

চানৰাইজ একাডেমী নামৰ অসমীয়া মাধ্যমৰ বিদ্যালয় খন উদ্বোধন কৰে মোৰাঝাৰৰ সমাজসেৱী বিলাল উদ্দিন, ছাত্ৰ নেতা এজাজুল হক, ৰশ্বিদ আহমেদে৷

বিদ্যালয় খনৰ উদ্ধোধন কৰাৰ পিছতে স্থানীয় শিক্ষক বিলাল উদ্দিনৰ সভাপতিত্বত এখন মুকলি সভাও অনুষ্ঠিত হয়৷ বিদ্যালয়খনে শিক্ষাৰ বাতাবৰণ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰে চানৰাইজ একাডেমীৰ অধ্যক্ষ ইমৰাণ হুছেইনে৷