14
Aug
2017

বটদ্ৰৱাঃ গুৰুজনাৰ নামত ১৯৫০ চনতে স্থাপিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুদিন পূৰ্বৰে পৰাই দেশৰ ৭১তম স্বাধীনতা দিৱস পালন কৰা হয়৷
দেওবাৰে বিদ্যালয়ত সমূহ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকি দেশপ্ৰেমমূলক গীত, নৃত্য আদিৰ লগতে চিত্ৰাংকন, কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
আজি বিদ্যালয়ৰ পৰা সংহতিৰ দৌৰ, শোভাযাত্ৰা উলিওৱাৰ লগতে বিদ্যালয় চৌহদত বৃক্ষৰোপন কায্যসূচী ৰূপায়ন কৰাৰ লগতে কাইলৈ স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীসমূহৰ আখৰাও কৰে ছাত্ৰ-ছাত্ৰীয়ে৷ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলে আগন্তুক গুণোৎসৱৰ প্ৰস্তুুতি সন্দৰ্ভত এলানি আলোচনা চক্ৰত অংশগ্ৰহণ কৰে৷