বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ মুকালমুৱাতো উলাহ-মালহেৰে পালন কৰা হয় স্বাধীনতা দিৱস৷

মুকালমুৱাস্থিত দেশভক্ত মৈদামত বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী, বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ আত্ম সহায়ক গোট,  বিদ্যালয় সমূহৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী লগতে ৰাইজৰ উপস্থিতিত কেন্দ্ৰীয় ভাৱে ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে মুকালমুৱাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ৰক্তিম বৰুৱাই।

৭১তম স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠানত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰতিষ্ঠাপক অধ্যক্ষ চেখ মোবাৰক হুছেইন, বিশিষ্ট সমাজকৰ্মী ভূৱন ডেকা, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰা নুৰুল হক আলী আৰু বিশিষ্ট খেতিয়ক মমতাজ আলী আহমেদক প্ৰশাসনে বিশেষভাৱে সম্বর্ধনা জনায়।