12
Aug
2017

মঙলদৈঃ স্বাধীনতা দিৱসলৈ মাথো কেইটামান ঘন্টা বাকী৷ দৰং প্ৰশাসন সাজু হৈ উঠিছে ৭১ সংখ্যক স্বাধীনতা দিৱস সুচাৰুৰূপে পালন কৰিবলৈ৷ দৰং জিলা জিলা প্ৰশাসনে কটকটীয়া নিৰপত্তাৰ লগতে স্বাধীনতা দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।
জিলাখনত স্বাধীনতা দিৱসৰ পূৰ্বে গঢ়ি তোলা হৈছে ব্যাপক নিৰাপত্তা বেষ্টনী। সীমামূৰীয়া ওদালগুৰি, শোণিতপুৰ জিলাৰ পৰা যাতে উগ্ৰপন্থী সংগঠনৰ লোক প্ৰৱেশ কৰি কূটাঘাতমূলক কাৰ্য কৰিব নোৱাৰে তাৰ বাবে তালাচীৰ চলাই আহিছে দৰং আৰক্ষীয়ে৷
জিলাখনৰ ঘাই পথ, উপপথসমূহত আৰক্ষীয়ে তালাচী চলাই থকা পৰিলক্ষিত হৈছে। মঙলদৈ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব লগা স্বাধীনতা দিৱসৰ চৰকাৰী কাৰ্যসূচীত প্ৰদৰ্শন কৰিৱ লগীয়া পেৰেডৰ বাবে মিজু বেটেলিয়ান, অসম আৰক্ষী, এন চি চি, স্কাউট গাইডকে ধৰি ছাত্ৰ-ছাত্ৰীসকলে আখৰা চলাই আহিছে।