জোনাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাত স্বাধীনতা দিৱস তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে। আজি অনুসৰি মূৰকং চেলেক বালিকা বিদ্যালয় আৰু অন্যান্য বিদ্যালয়ৰ ছাত্ৰী সকলৰ অংশগ্ৰহণেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

জোনাই গান্ধী ময়দানত মহকুমাখনৰ বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণেৰে প্ৰদৰ্শিত হ’ব লগীয়া কুচ-কাৱাজৰ অন্তিম অনুশীলন কৰে।

কাৰ্যসূচী অনুসৰি ১৫ আগষ্টৰ পুৱাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পন, গান্ধী ময়দানত পতাকা উত্তোলন, বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতি নৃত্য প্ৰদৰ্শনৰ লগতে বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।