
জোনাইঃ মিচিং স্বায়ত্ত শাসিত পৰিষদে ধেমাজি জিলাৰ গোগামুখস্থিত মূখ্য কাৰ্যালয়ত ৭১ তম স্বাধীনতা দিৱস পালন কৰে। পুৱা পতাকা উত্তোলন কৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসুচী প্ৰদৰ্শন কৰা হয়৷ মিচিং শিল্পী সকলক সম্বর্ধনা জনোৱাৰ লগতে ১৫০গৰাকী শিল্পীক পৰিষদে দহ হেজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়ায়।
একাংশ জ্যেষ্ঠ শিল্পীয়ে শিল্পীক মাথো দহ হাজাৰ টকা আগবঢ়োৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। শিল্পী সকলে এখন ভাল গিতাৰ নতুবা হাৰমনিয়াম কিনিবলৈ দহ হেজাৰ টকা একো নহয় বুলি মতপোষণ কৰে মিচিং জনগোষ্ঠীৰ একাংশ জ্যেষ্ঠ শিল্পীয়ে।
আনহাতে জ্যেষ্ঠ আৰু কনিষ্ঠৰ কোনো সংৰক্ষণ নকৰাত ক্ষোভিত হয় জ্যেষ্ঠ শিল্পীসকল। মিচিং আৰ্টিছ এছোছিয়েচনৰ প্ৰতিষ্ঠাপক তথা জ্যেষ্ঠ মিচিং শিল্পী মৃনাল দলেৰ উপৰিও বহু কইগৰাকী শিল্পী সভাত উপস্থিত থকা নাছিল আছিল।
এটা বছৰত ১৫০ গৰাকীক দহ হেজাৰ টকাকৈ দিয়াতকৈ কম সংখ্যক শিল্পীক টকা বেছিকৈ দিলে কামত লাগিল হেতেন বুলি মত ব্যক্ত কৰে৷ অভিযোগ-প্ৰতিভিযোগৰ মাজতে যোৱা কালি গৰিষ্ঠ সংখ্যাক শিল্পীক পৰিষদে দহ হেজাৰ টকাৰ চেক আৰু এখন মানপত্ৰৰে সম্বর্ধনা জনায়। সভাত মিচিং স্বায়ত্ত শাসিতৰ মূখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু সাংস্কৃতিক পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য প্ৰশান্ত বড়ি উপস্থিত থাকে।