15
Aug
2017

চাবুৱাঃ চাবুৱাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলাহ-মালহেৰে স্বাধীনতা দিৱস পালন কো দেখা যায়। চাবুৱাৰ আগশাৰীৰ শিক্ষানুষ্ঠান মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়তো স্বাধীনতা দিৱস পালন কৰা হয়। বিদ্যালয়ত ৩ দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় স্বাধীনতা দিৱস।
আজি পূৱা ৮ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰন্য গোঁহাই সেনাপতিয়ে। শ্বহীদ তৰ্পন কৰে ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পি পি শইকীয়াই।
সঞ্জয় দত্তই আঁতধৰা অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰীসকল উপষ্ঠিত থাকে। অনুষ্ঠানৰ আৰম্ভনিত অতিথিসকলৰ লগতে অধ্যক্ষা মৰ্জিনা গগৈ আৰু জেষ্ঠ শিক্ষক কৃষ্ণকমল শইকীয়াক একোখনকৈ ফুলাম গামোছাৰে সৰ্ম্বধনা জনোৱা হয়।